/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/38d961f2-79b9-48ef-9364-df7ca9c53385/__j.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ ২৬ এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। নিৰ্বাচনলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী থকা অৱস্থাত নগাঁও লোকসভা সমষ্টিত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে। শাসনাধিষ্ঠিত বিজেপি দলেও সমষ্টিটোত দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাইও সমষ্টিটোৰ বিভিন্ন অঞ্চলত ননষ্টপ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী বতাহ গৰম কৰি তুলিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a16513c1-da49-446d-a97c-11e55acf9405/28416ca1_1da0_40d1_9c37_544c219562fa.jpg)
প্ৰত্যেক দিনাই প্ৰায় ৪-৫ খন বিশাল জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীক প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। সোমবাৰেও মন্ত্ৰীগৰাকীয়ে ৰূপহী বিধানসভা সমষ্টিৰ দগাঁও, বৰালীমাৰী আৰু বৰঘূলীত তিনিখনকৈ বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছ-ইউডিএফক তুলাধূণা দিয়ে। প্ৰত্যেকখন সভাতে ৰাইজৰ আন্তৰিকতা-ব্যাপক সমৰ্থন প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰে।
দগাঁৱত অনুষ্ঠিত প্ৰথমখন সভাত ভাষণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব, তেওঁক কোনেও হৰুৱাব নোৱাৰে। তেওঁ আৰু কয় যে আপোনালোকে যদি ভোট দিয়ে অসমত এইবাৰ আমি কংগ্ৰেছক শূন্য কৰি দিম। কংগ্ৰেছে ৰাইজৰ কাৰণে একো কাম কৰা নাছিল। কংগ্ৰেছে ডেকা ল'ৰাবিলাকক চাকৰি যদি দিছিল, সেয়া টকা লৈহে দিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a56d6c9a-a1d2-44b9-8a23-3bce3bbe1364/8242dbbf_41e9_440b_8725_1eb908cdf087.jpg)
কাৰোবাক যদি চৰকাৰী ঘৰ দিছিল, তাকো টকা লৈহে দিছিল বুলি ভাষণত কয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কংগ্ৰেছ চৰকাৰৰ দিনত দিয়া ইন্দিৰা আবাস যোজনাৰ ঘৰ আৰু বিজেপি চৰকাৰে বৰ্তমান দিয়া অনুদানৰ ঘৰৰ মাজত থকা বৃহত পাৰ্থক্যৰ কথা উল্লেখ কৰে।
তেওঁ কয় যে আগতে কংগ্ৰেছ চৰকাৰৰ দিনত দিয়া চৰকাৰী ঘৰবিলাক আছিল গৰুৰ গোহালীৰ দৰে। ঠিকাদাৰ, কংগ্ৰেছৰ দালালবিলাকে এই ঘৰসমূহ বনাই দিয়াৰ নামত টকা খাইছিল, কিন্তু বিজেপি চৰকাৰৰ দিনত দালাল নোহোৱা হল, ঠিকাদাৰে পইচা খাব নোৱাৰা হল। আনকি আজিকালি মাটি দালালো নাইকিয়া হল, সূদখোৰ নাইকিয়া হ'ল, চবকে মামাই এফালৰ পৰা জেলত ভৰাই থ'লে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত কয়। তেওঁ আৰু কয় যে মাটিৰ দালাল, সূদখোৰ, থানাৰ দাদাল মুছলমান গাঁৱত বেছি থাকে আৰু মুছলমান ৰাইজক প্ৰতাৰণা কৰে, মুছলমান ৰাইজক শুহি শুহি খায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/60e03d6b-f22b-483a-900a-b9f0134a818d/73aa9396_1274_4c98_9f56_aafacad3e5ca.jpg)
এতিয়া আমি আৰু এইবিলাক হবলৈ নিদিওঁ, আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো বুলি কয় মন্ত্ৰীগৰাকীয়ে। আনহাতে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুদানৰ ঘৰৰ দালাল একেছাটে নাইকিয়া কৰা বুলি ভাষণত কয়। তেওঁ আৰু কয় যে কংগ্ৰেছৰ দিনৰ ঘৰটো আছিল ৭৫ হাজাৰ টকাৰ, কিন্তু বিজেপি চৰকাৰৰ দিনত ঘৰটো হ'ল ডেৰ লাখ টকাৰ।
কংগ্ৰেছৰ দিনৰ ঘৰটো বনাইছিল দাদাল আৰু ঠিকাদাৰে, ইয়াত বিডিঅ, বিধায়কেও টকা খাইছিল, ফলত ঘৰটোৰ বাবে টকা মাত্ৰ ৪০ হাজাৰমানহে বাচিছিল। তেওঁ কয় যে অসমত যিমান দালাল আছে, দালালক নাইকিয়া কৰিহে এৰিম। ইয়াৰ বাবে তেওঁ দগাঁও অঞ্চলৰ যুৱপ্ৰজন্মক অঞ্চলটোত দালাল নাইকিয়া কৰিবৰ বাবে পণ লবৰ বাবেও আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/ab817b72-50f8-4705-88a0-485fc67a358c/559dd840_516a_4ebc_97df_16ad840ac878.jpg)
কংগ্ৰেছ ঘূৰি আহিলে একেই পৰিৱেশ হব, একাংশ দালাল-ঠিকাদাৰ, কংগ্ৰেছীয়ে টকা খাই খাই নোদোকা হৈ পৰিব আৰু জনসাধাৰণ শুকাই ক্ষীণাই যাব। গতিকে তেওঁ কংগ্ৰেছক ভোট নিদিবলৈ আহ্বান জনায়।
আজিৰ সভাতো মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছক সূতা-কম্বলৰ পাৰ্টি বুলি কয়। সূতা-কম্বল লাগিব নেকি বুলিও তেওঁ উপস্থিত ৰাইজক প্ৰশ্ন কৰে আৰু ৰাইওজে একেষাৰে নালাগে বুলি প্ৰত্যুত্তৰ দিয়ে। তেওঁ কয় যে কংগ্ৰেছ অহা মানে আকৌ সূতা-কম্বল-আঁঠুৱা আহি যোৱা বুলি মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে সভাত ৰেচন কাৰ্ডৰ প্ৰসংগত ব্যাখ্যা দাঙি ধৰি ৰেচন কাৰ্ড থাকিলে কি কি সুবিধা লাভ কৰে সেই বিষয়েও কয়। আনহাতে, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মুৰব্বী ব্যক্তিক জীৱন বীমা আৰু দুৰ্ঘটনাৰ বীমাৰ সুবিধা কৰি দিয়াৰ কথা উল্লেখ কৰি ইয়াৰ প্ৰিমিয়াম চৰকাৰে বহন কৰিব বুলি কয়। মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ দিনত এইবিলাক এটাও নাছিল বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5fef094f-d85c-4b55-aa04-8424c0289bc3/7947cd57_ebb4_4e8d_b82a_05fdce910377.jpg)
ইয়াৰ উপৰি যাৰ যাৰ ৰেচন কাৰ্ড আছে প্ৰতিটো পৰিয়াক আগন্তুক এবছৰৰ ভিতৰত একোটাকৈ অৰুণোদয় দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। আনহাতে, কংগ্ৰেছে ৬০-৭০ বছৰত কৰিব নোৱাৰা কাম মন্ত্ৰী পীযুষ হাজৰীকাই ৬ মাহতে কৰি দিয়াৰ কথা উল্লেখ কৰি কয় যে জলসম্পদ মন্ত্ৰী হৈ মই ৬ মাহতে লাহৰীঘাটত ৬০ কোটি টকাৰ মথাউৰি বনাই বানপানী, গৰাখহনীয়া সমস্যা সমাধান কৰি দিলো আৰু এইবেলি ৩৫০ কোটি টকা আনি লাহৰীঘাটত খহনীয়াৰ কাম আৰম্ভ কৰি দিলো।
মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তুলা-ধূনা দি কয় যে নগাঁৱত মেডিকেল কলেজ নিৰ্মাণৰ বাবে কংগ্ৰেছে ৬০ বছৰেও কোনো উদ্যোগ নললে। ইয়াৰ বিপৰীতে নগাঁও মেডিকেল কলেজ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বনালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বনালে। এই মেডিকেল কলেজখন হোৱাৰ বাবে নগাওৱৰ মানুহৰ কিমান লাভ হ'ল সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা দাঙি ধৰে।
ইয়াৰ উপৰি বিজেপি চৰকাৰে কিমানখন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিলে, পথ-দলং নিৰ্মাণ কৰিলে, মথাউৰি পথ পকীকৰণ কৰিলে তাৰ খতিয়ান দাঙি ধৰাৰ লগতে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত উপস্থিত ৰাইজক অৱগত কৰে। ব্যাপক জনসমাগম হোৱা সভাখনত মন্ত্ৰীগৰাকীয়ে সকলোকে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাক ভোট দি বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। ইয়াৰ পিছত ৰূপহীহাট বিধানসভা সমষ্টিৰ বৰালীমাৰি আৰু বৰঘূলীত আন দুখন বিশাল সভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। প্ৰতিখন সভাতে ৰাইজৰ উত্সাহ-আদৰ স্নেহ দেখি মন্ত্ৰীগৰাকী আনন্দিত হৈ পৰে।
Also Read: শীঘ্ৰেই পাথাৰকান্দিত দক্ষতা বিকাশ কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব: মন্ত্ৰী জয়ন্তমল্ল বৰুৱা