বেবেজীয়াৰ উপ-বিতৰক অৰুণ বৰদলৈৰ মৃত্যু

পঞ্চাশোৰ্দ্ধৰ সৰবৰহী ব্যক্তি গৰাকী বিগত দুদিন ধৰি উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল।

author-image
Asomiya Pratidin
New Update
বেবেজীয়াৰ উপ-বিতৰক অৰুণ বৰদলৈৰ মৃত্যু

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ বাতৰি কাকতৰ একমাত্ৰ বিতৰক প্ৰতিষ্ঠান শইকীয়া এণ্টাৰপ্ৰাইজৰ উপ-বিতৰক কপাহেৰাৰ দৰঙ্গীয়ালবড়িৰ অৰুণ বৰদলৈৰ বুধবাৰে নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ।

পঞ্চাশোৰ্দ্ধৰ সৰবৰহী ব্যক্তি গৰাকী বিগত দুদিন ধৰি উচ্চ ৰক্তচাপজনিত কাৰণত অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল। নগাঁও আৰু মৰিগাঁও জিলাৰ একাংশ ভিতৰুৱা অঞ্চলত বাতৰি কাকত,আলোচনীৰ প্ৰচলনৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি নিষ্ঠাৰে বৰঙনি আগবঢ়াই অহা লোকজনৰ অকাল বিয়োগত এতিয়া শোকস্তব্ধ হৈ পৰিছে সংশ্লিষ্ট অঞ্চলসমূহৰ পঢ়ুৱৈ সমাজ ।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰিও দুগৰাকীকৈ কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে । সৰল মনৰ ব্যক্তি গৰাকীৰ মৃত্যুত বেবেজীয়া প্ৰেছ ক্লাব,সামাজিক অনুষ্ঠান সৃষ্টি,কথা-বতৰা গ্ৰুপ,হাতীচোং পঢ়ুৱৈ চ'ৰা আদিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে ।

Also Read: 'জুবিন গাৰ্গ ভোজনালয়'ত চিলিণ্ডাৰ বিস্ফোৰণ, জুইত জাহ গ'ল বহু ব্যৱসায়ীক প্ৰতিষ্ঠান

nagaon bebejiya