/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/458cd852-a373-43f6-8685-9df6a2fc530b/AP_FOR_WEB_fire.jpg)
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। হনুমান মন্দিৰৰ সমীপত থকা 'চেন্সুৰী প্লাজা' নামৰ কমপ্লেক্সটোত সংঘটিত এই অগ্নিকাণ্ডই কমপ্লেক্সটো ভস্মীভূত কৰে। এই কমপ্লক্সত আছিল কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠান।
জুইৰ লেলিহান শিখাই ছানি ধৰে জুবিন গাৰ্গ ভোজনালয়ো। অন্য ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰো বিস্তৰ ক্ষতিসাধন হয়।জুইত জাহ যায় কেইবাটাও ব্যৱসায়ীক প্ৰতিষ্ঠান। জানিব পৰা মতে জুবিন গাৰ্গ ভোজনালয়ত চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।
ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে। জুইয়ে আগুৰি ধৰিছে সমগ্ৰ অঞ্চলটো। ঘটনাক লৈ শংকিত হৈ পৰিছে সকলো।
Also Read: বসুন্ধৰা আঁচনিৰ লাভ পাবলৈ হ'লে হ'ব লাগিব ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া...