পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত শিল্পী কাজল শৰ্মা...

দেওবাৰে নিশা নগাঁও জিলাৰ উৰিয়াগাঁও চকৰ ওচৰত চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
পথ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত শিল্পী কাজল শৰ্মা...

ডিজিটেল সংবাদ, নগাঁও : দেওবাৰে নিশা নগাঁও জিলাৰ উৰিয়াগাঁও চকৰ ওচৰত চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত দুজন লোক গুৰুত্বৰ ভাৱে আহত হয়। আহত সকলৰ ভিতৰত আছে অসমৰ সংগীত জগতৰ জনপ্ৰিয় তথা প্ৰতিভাবান গীতিকাৰ-সুৰকাৰ কাজল শৰ্মা।

Advertisment

গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে আহি থকা এ এচ-১২ ইউ-৬৮৩৮ নম্বৰৰ বাহনখনৰ তেল শেষ হোৱাত বাহনখন উৰিয়াগাঁও চকত ৰখাই থোৱা আছিল । নিশা প্ৰায় এক বজাত পুৰণিগুদাম দিশৰ পৰা নগাঁৱলৈ অহা এ এছ ০৩ ডি ৫৪৯৪ নম্বৰৰ মাৰুতি জেন বাহনখনে ৰৈ থকা বাহনখনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

খুন্দা মৰাৰ ফলত মাৰুতি জেনখনৰ দুই আৰোহী বাহনৰ ভিতৰত আবদ্ধ হোৱাত স্থানীয় লোকে তেওঁলোকক বাহনখনৰ পৰা উদ্ধাৰ কৰে । পিছত নগাঁৱৰ যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত কেইগৰাকীক নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎলয়ত ভৰ্তি কৰায়। উল্লেখ্য যে, আনগৰাকী আহত ব্যক্তি হ'ল নগাঁও চহৰৰ মিলনপুৰৰ ৰবিদেৱ নাথ।

Also Read: হাতত নাছিল কোনো কাম, কানাড়া অভিনেতাৰ আত্মহত্যা...

Assam police