খোৱা পানীৰ অভাৱত ভূগি থকা গুৱাহাটীবাসীলৈ আন এক বিপদ...

খোৱা পানীৰ অভাৱত ভূগি থকা গুৱাহাটীবাসীলৈ আন এক বিপদ...

author-image
Asomiya Pratidin
New Update
খোৱা পানীৰ অভাৱত ভূগি থকা গুৱাহাটীবাসীলৈ আন এক বিপদ...

খোৱা পানীৰ অভাৱত ভূগি থকা গুৱাহাটীবাসীলৈ আন এক বিপদ...

ডিজিটেল ডেস্কঃ খোৱা পানীৰ অভাৱত ভূগি থকা গুৱাহাটীবাসীৰ বাবে আন এক বেয়া খবৰ। ২ টা দিনৰ বাবে বন্ধ থাকিব জি এম চিৰ পানী যোগান।

Advertisment

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তই জনাইছে যে, পাণবজাৰ ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টৰ পানী যোগান ব্যৱস্থা ১২ আৰু ১৩ জুনত বন্ধ থাকিব। গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ এই প্ৰকল্পৰ জৰিয়তে গুৱাহাটীৰ মুঠ ১৬ টা স্থানলৈ পানী যোগান ধৰি অহা হৈছিল।

সেয়েহে এই ১৬ টা স্থানতেই উক্ত দুয়োটা দিনত পানী যোগান বন্ধ থাকিব। এই প্ৰকল্পৰ জৰিয়তে পানী যোগান ধৰা অঞ্চলবোৰ ক্ৰমে পাণবজাৰ, ফাঁচি বজাৰ, আঁঠগাওঁ, এ টি ৰোড, চাত্ৰিবাৰী, পল্টনবজাৰ, ৰিহাবাৰী, কছাৰীবস্তি, বি বৰুৱা ৰোড, উলুবাৰী, গান্ধীবস্তি, দক্ষিণ শৰণীয়া, লাচিত নগৰ, ভঙাগড়, ৰাজগড় আৰু পূৱ শৰণীয়া।

Also Read: গোৱালপাৰা জিলাৰ বিভিন্ন প্রান্তত চোৰৰ সন্ত্রাস

পানী যোগান