সাংস্কৃতিক কৰ্মী অপূৰ্ব বৰবৰাৰ মৃত্যু

সাংস্কৃতিক কৰ্মী অপূৰ্ব বৰবৰাৰ মৃত্যু

ডিজিটেল সংবাদ,নগাঁও : সাংস্কৃতিক কৰ্মী তথা নগাঁও চহৰৰ ঘূৰীয়া গাঁৱৰ বাসিন্দা অপূৰ্ব বৰবৰাৰ শণিবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। প্ৰায় ২০দিন পূৰ্বে নিশা প্ৰায় ৯ মান বজাত পাঠৰি চাৰিআলিৰ পৰা বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল বৰবৰা।

লগে লগে তেওঁক বৰঘাট বাইপাচৰ চিমছ হাস্পাতালত ভৰ্তি কৰোৱা হয়। বৰবৰাৰ স্বাস্থ্যৰ উন্নত নোহোৱাত পৰিয়ালৰ লোকে দুদিনমানৰ পূৰ্বে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰে। দেওবাৰে পুৱা চিকিৎসাধীন অৱস্থাত বৰবৰাই মৃত্যুক সাৱতি লয়।

উল্লেখ যে অপূৰ্ব বৰবৰা স্থানীয় বিভিন্ন সামাজিক -সাংস্কৃতিক কাম কাজৰ লগত জড়িত আছিল। তদুপৰি তেওঁ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগত এসময়ত সক্ৰিয়ভাবে জড়িত আছিল।

মৃত্যুৰ সময়লৈকে তেওঁ পাঠৰি চাৰিআলিৰ সূৰ্যজ্যোতি সংঘৰ লগত জড়িত হৈ আছিল। অভিনেতাৰ লগতে এগৰাকী ঢোলবাদক অপূৰ্ব বৰবৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহত্তৰ পাঠৰি অঞ্চলত শোকৰ ছাঁ পৰে। নিজৰ জন্মভূমি ঘূৰীয়া গাঁৱত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

বৰবৰাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, অসম জাতীয়তাবাদী যুৱ - ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, পাঠৰি চাৰিআলি সূৰ্যজ্যোতি সংঘকে ধৰি বিভিন্ন আনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী পুত্ৰ - কন্যাসহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ যায়।

সাংস্কৃতিক কৰ্মী অপূৰ্ব বৰবৰাৰ মৃত্যু
কামৰূপ জিলা আন্ত:ক্লাব টাইকোৱানণ্ডো প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in