কামৰূপ জিলা আন্ত:ক্লাব টাইকোৱানণ্ডো প্ৰতিযোগিতা

কামৰূপ জিলা আন্ত:ক্লাব টাইকোৱানণ্ডো প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
কামৰূপ জিলা আন্ত:ক্লাব টাইকোৱানণ্ডো প্ৰতিযোগিতা

ডিজিটেল সংবাদ,কামৰূপঃ কামৰূপৰ চাংসাৰীত সদৌ কামৰূপ জিলা আন্ত:ক্লাৱ টাইকোৱানণ্ডো প্ৰতিযোগিতাৰ আয়োজন। জিলাখনৰ প্ৰায় ৩৫০ গৰাকী টাইকোৱানণ্ডো প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

Advertisment

উদ্যোক্তাই জনোৱা মতে, দুদিনীয়াকৈ আয়োজন কৰা জিলা ভিত্তিক প্ৰতিযোগিতাখনিত চাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ আৰু ৮ বছৰ অনুৰ্দ্ধ প্ৰতিযোগিতা অনুষ্ঠিত হয়। চাংসাৰী হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হোৱা জিলা আন্ত:ক্লাৱ টাইকোৱানণ্ডো প্ৰতিযোগিতাত সদৌ অসম টাইকোৱানণ্ডো এছোচিয়েচনৰ সভাপতি হিৰণ্য শইকীয়া, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে।

উল্লেখ্য উক্ত প্ৰতিযোগিতাত সোন আৰু ৰূপৰ পদক লাভ কৰা প্ৰতিযোগীসকলে অহা ১৬ জুনত গুৱাহাটীত অনুষ্ঠিত সদৌ অসম টাইকোৱানণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

Also Read: অসম হাইস্কুল শিক্ষক সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি চিদানন্দ শৰ্মাৰ মৃত্যু

taekwondo