APSC ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বিকাশ শইকীয়া

APSC ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বিকাশ শইকীয়া

author-image
Asomiya Pratidin
New Update
APSC ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বিকাশ শইকীয়া

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বুধবাৰে ঘোষণা হয় অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষআৰ ফলাফল। এই পৰীক্ষাত উজলিল নগাঁৱৰ ৰঙাগঢ়া হোজ গাঁৱৰ স্বৰ্গীয় ৰজত শইকীয়া আৰু দীপালী শইকীয়া(জুন্টি)ৰ একমাত্ৰ পুত্ৰ বিকাশ কুমাৰ শইকীয়াষ খণ্ড উন্নয়ন বিষয়া(BLOCK DEVELOPMENT OFFICER) পদত স্থান লাভ কৰিছে বিকাশে।

Advertisment

২০ বছৰ পূৰ্বে পিতৃক হেৰুওৱা বিকাশ কুমাৰ শইকীয়াই কষ্টৰে পঢ়া শুনা কৰি পৰবৰ্তী কালত ষ্টেণ্ডাৰ্ড চাৰ্টাড বেংক(standard chartered bank)ৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল। প্ৰথমবাৰৰ বাবে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰা বিকাশ কুমাৰ শইকীয়াক অঞ্চলবাসীয়ে শুভেচ্ছা জনাইছে।

উল্লেখ্য যে,এপিএছচিয়ে ৯১৩ টা পদৰ বাবে প্ৰাৰ্থী বাছনি কৰিছে। ইয়াৰ ভিতৰত এচিএছ ৮৬ গৰাকী আৰু ৬৫ গৰাকী এপিএছ।

Also Read: অযোধ্যাঃ আজি গৃহভাগত স্থাপন হ'ব ভগৱান ৰামৰ মূৰ্তি

apsc