অযোধ্যাঃ আজি গৃহভাগত স্থাপন হ'ব ভগৱান ৰামৰ মূৰ্তি

অযোধ্যাঃ আজি গৃহভাগত স্থাপন হ'ব ভগৱান ৰামৰ মূৰ্তি

author-image
Asomiya Pratidin
New Update
অযোধ্যাঃ  আজি গৃহভাগত স্থাপন হ'ব ভগৱান ৰামৰ মূৰ্তি

অযোধ্যাঃ আজি গৃহভাগত স্থাপন হ'ব ভগৱান ৰামৰ মূৰ্তি

ডিজিটেল ডেস্কঃ অযোধ্যাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি তীব্ৰগতিত চলি আছে। ২২ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া প্ৰাণ প্ৰতিষ্ঠ অনুষ্ঠানৰ আগতে ৬ দিন ধৰি চলি আছে অন্য কাৰ্যসূচী। এই কাৰ্যসূচী ১৬ জানুৱাৰীত আৰম্ভ হৈছিল।

Advertisment

বৃহস্পতিবাৰ কাৰ্যসূচীৰ তৃতীয় দিন। আজি গণেশ অম্বিকা পূজা, বৰুণ পূজা, মাতৃকা পূজা, ব্ৰাহ্মণ ভাৰণ আৰু বাস্তু পূজাৰ সৈতে আনুষ্ঠানিক ৰীতি-নীতি আৰম্ভ হ'ব। ৰাম লাল্লাক বুধবাৰে ৰামজন্মভূমি চৌহদলৈ লৈ যোৱা হৈছিল, আজি তেওঁক গৰ্ভগৃহত প্ৰৱেশ কৰা হ'ব।

ভাস্কৰ্যশিল্পী অৰুণ যোগীৰাজৰ দ্বাৰা নিৰ্মিত ৰামৰ মূৰ্তিটো অযোধ্যাৰ ৰাম মন্দিৰৰ গৰ্ভগৃহত ইয়াৰ নিৰ্ধাৰিত স্থানত স্থাপন কৰা হ'ব। সন্ধিয়া তীৰ্থ পুজন, জল যাত্ৰা আৰু গন্ধাধিভাস অনুষ্ঠান অনুষ্ঠিত হ'ব। মূৰ্তিটো বুধবাৰে সন্ধিয়া ৰাম মন্দিৰ চৌহদৰ ভিতৰত লৈ যোৱা হৈছিল। একে সময়তে ১৯ জানুৱাৰীত হৱন আৰু অন্যান্য ৰীতি-নীতি অনুষ্ঠিত হ'ব।

এনেকৈয়ে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আগবাঢ়ি ২২ জানুৱাৰীত হ'ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। এই কাৰ্যসূচীৰ বাবে দেশ-বিদেশৰ বহু ভক্তই ঢাপলি মেলিছে অযোধ্যালৈ। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা উপহাৰো প্ৰেৰণ কৰিছে ৰাম মন্দিৰলৈ।

Also Read: বাল্টি-কলহ বজাই প্ৰতিবাদ কাজিৰঙাৰ পিলখানাৰ একাংশ মহিলাৰ

raam mandir ayodhya