APSC পৰীক্ষাত উজলিল নগাঁৱৰ অগষ্টি কাশ্যপ, অসম আৰক্ষী সেৱাত ৩৪সংখ্যক স্থান লাভ

APSC পৰীক্ষাত উজলিল নগাঁৱৰ অগষ্টি কাশ্যপ, অসম আৰক্ষী সেৱাত ৩৪সংখ্যক স্থান লাভ

author-image
Asomiya Pratidin
New Update
APSC পৰীক্ষাত উজলিল নগাঁৱৰ অগষ্টি কাশ্যপ, অসম আৰক্ষী সেৱাত ৩৪সংখ্যক স্থান লাভ

ডিজিটেল ডেস্কঃ বুধবাৰে ঘোষণা হয় অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। সৰ্বমুঠ ৯১৩ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে এই পৰীক্ষাত। এই ফলাফলে গৌৰৱ কঢ়িয়াই আনিলে নগাঁৱৰ উৰিয়াগাঁৱলৈ।

Advertisment

এপিএছ বিষয়া হ'ল উৰিয়াগাঁৱৰ অগষ্টি কাশ্যপ । অসম আৰক্ষী সেৱাত ৩৪ নং স্থান লাভ কৰিবলৈ সক্ষম হয় কাশ্যপ। অসম আৰক্ষী সেৱা (জুনিয়ৰ গ্ৰেড)ত সৰ্বমুঠ ৬৫ গৰাকী প্ৰৰ্থী উত্তীৰ্ণ হয়।

বিশিষ্ঠ নাট্যকাৰ, সু-অভিনেতা কমলেশ শইকীয়া আৰু দীপা শৰ্মা শইকীয়াৰ পুত্ৰ অগষ্টি কাশ্যপ। কমলেশ শইকীয়া সুন্দৰ নাট্যগোষ্ঠীৰো প্ৰতিস্থাপক। আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী চলি থকা সময়তে পুত্ৰৰ সাফল্যৰ খবৰ লাভ কৰে শইকীয়াই। লগে লগে অঞ্চলটোত আনন্দৰ বন্যা বয়।

উল্লেখ্য যে, অগষ্টিৰ ককাকো আছিল এগৰাকী আৰক্ষী বিষয়া আনহাতে তেওঁৰ খুড়াকো এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া।

Also Read: আঁৰত কোন?

apsc