/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f3575663-ce1b-432a-94f6-20f85cbf2965/111.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰি গাঁৱৰ ৰূপজ্যোতি নাথ সদ্য ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। ভোমোৰাগুৰি গাঁৱৰ ৰজনী কান্ত নাথ, সবিতা দেৱীৰ পুত্ৰ ৰূপজ্যোতি নাথে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ আছাম একাউন্ট চাৰ্ভিছ (ASSAM ACCOUNT SERVICE)ত স্থান লাভ কৰিছে।
অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ৰূপজ্যোতি নাথক আজি বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত সম্বৰ্ধনা জনোৱা হয়। শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাই নিকেতনৰ ছাত্ৰ ছাত্ৰী, আচাৰ্য আচাৰ্যাৰ উপস্থিতিত গামোছাৰে ৰূপজ্যোতি নাথক সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি ৰূপজ্যোতি নাথে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি একাগ্ৰতা আৰু নিষ্ঠাৰে অধ্যয়ন কৰিলে সফল হ'ব পাৰি বুলি ভাষন প্ৰদান কৰে। অনুষ্ঠানত ৰূপজ্যোতি নাথৰ মাতৃ সবিতা দেৱীয়েও ভাষন প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us