সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই সংবাদমেল কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই সংবাদমেল কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ

author-image
Asomiya Pratidin
New Update
সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই সংবাদমেল কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ

ডিজিটেল সংবাদ, নগাঁওঃ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পাছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ। অসম প্ৰদেশ কংগ্ৰেছৰ হৈ নগাঁৱত ৰকিবুল হুছেইনে সংবাদমেলৰ সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 'সমষ্টি পুনৰ নিৰ্ধাৰণক বিৰোধিতা কৰা নাই কংগ্ৰেছে, কিন্তু নিৰ্ধাৰণ কৰাৰ পদ্ধতিক লৈ একমত নহয় কংগ্ৰেছ দল'- এই মন্তব্য নেতাগৰাকীৰ।

Advertisment

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাইজৰ আপত্তিসমূহক আওকাণ কৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ। এই ক্ষেত্ৰত ৰাজনৈতিক ভাবে যুদ্ধ কৰাৰ বাবে কংগ্ৰেছ দল প্ৰস্তুত বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে। বিজেপি দল আৰু মুখ্যমন্ত্ৰীগৰাকী এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগতে মূল্যবৃদ্ধি আৰু কৰ বৃদ্ধিক লৈ অসন্তুষ্ট অসমৰ ৰাইজ বুলি সংবাদমেলত ব্যক্ত কৰে নেতাগৰাকীয়ে। তদুপৰি সমষ্টিৰ নাম সলনিকলৈও অসন্তুষ্টি প্ৰকাশ ৰকিবুল হুছেইনৰ।

Also Read: উৰিয়ামঘাটৰ মহিলা নিৰুদ্দেশ ঘটনাঃ মূল অভিযুক্তসহ কৰায়ত্ত আন দুজন

Assam Pradesh Congress Commitee