উৰিয়ামঘাটৰ মহিলা নিৰুদ্দেশ ঘটনাঃ মূল অভিযুক্তসহ কৰায়ত্ত আন দুজন

উৰিয়ামঘাটৰ মহিলা নিৰুদ্দেশ ঘটনাঃ মূল অভিযুক্তসহ কৰায়ত্ত আন দুজন

author-image
Asomiya Pratidin
New Update
উৰিয়ামঘাটৰ মহিলা নিৰুদ্দেশ ঘটনাঃ মূল অভিযুক্তসহ কৰায়ত্ত আন দুজন

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীপথাৰ গাঁৱৰ এগৰাকী বিবাহিত মহিলা বিগত ছটা দিন ধৰি নিৰুদ্দেশ হৈ আছে। এই ঘটনাৰে জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে ৩জন অভিযুক্তক।

Advertisment

ঘটনা অনুসৰি স্থানীয় বৰবিল গাঁৱৰ মুনিন্দ্ৰ শইকীয়া নামৰ লোকজনৰ লগত মহিলাগৰাকীৰ কিছু টকাৰ লেনদেন আছিল। পাবলগীয়া ধন আনিবলৈ গৈ দেওবাৰৰ পৰা লক্ষীপথাৰ গাঁৱৰ সংগীতা চাওঁ নামৰ মহিলাগৰাকী সন্ধানহীন হৈ পৰে। গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি মহকুমাৰ উৰিয়ামঘাট বৰবিলৰত মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা তেওঁক আপহৰণ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয়লোকৰ ৷

ঘটনাৰ সন্দৰ্ভত দোষীৰ কঠোৰ শাস্তিৰ দাবীত শুকুৰবাৰে নিখিল অসম ভোজপুৰী পৰিষদৰ উদ্যোগত শতাধিক পুৰুষ-মহিলাই উৰিয়ামঘাট আৰক্ষী থানা ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখযোগ্য যে, বাতৰি যুগুত কৰাৰ সময়ৰলৈকে মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই। ঘটনাৰ বিৱৰণি অনুসৰি নিৰুদ্দেশ হৈ থকা সংগীতা চাওঁ নামৰ মহিলাগৰাকীৰ পৰা মুনিন্দ্ৰ শইকীয়া নামৰ লোকজনে তামোল দিয়াৰ বাবদ বহু পৰিমাণৰ ধন লৈছিল । সেই সংক্ৰান্ততেই সংগীতা চাঁওক যোৱা দেওবাৰে মুনিন্দ্ৰই নিজ গৃহলৈ মাতি পঠায়। দেওবাৰে পুৱাই মহিলাগৰাকী মুনিন্দ্ৰৰ ঘৰলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।

যাৰ বাবে সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰে ৷ বিষয়টোৰ সন্দৰ্ভত উৰিয়ামঘাট আৰক্ষীয়ে তদন্ত কৰি শেহতীয়াকৈ মূল অভিযুক্ত মুনিন্দ্ৰ শইকীয়াসহ অন্য দুজন ক্ৰমে জীতেন উৰাং আৰু গোবিন শইকীয়াক আটক কৰিছে ৷ ইয়াৰে গোবিন শইকীয়া আৰু জীতেন উৰাঙক জেইল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে মূল অভিযুক্ত মুনীন্দ্ৰ শইকীয়াক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ ইফালে বুধবাৰে মুনিন্দ্ৰ শইকীয়াৰ পৰিত্যক্ত বাসগৃহৰ পৰা মহিলাগৰাকীয়ে পৰিধান কৰা কিছু অলংকাৰ উদ্ধাৰ কৰাৰ লগতে দা আৰু হাতুৰীও উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

মন কৰিব লগীয়া যে- স্থানীয় ৰাইজ তথা মহিলাগৰাকীৰ স্বামীয়ে সংগীতাক মুনিন্দ্ৰ শইকীয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ তুলিছে। এই সন্দৰ্ভত পৰিয়ালবৰ্গই উৰিয়ামঘাট আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে আৰু থানাত ২৯/২৩ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে ৷ আনহাতে অভিযুক্ত মুনিন্দ্ৰ শইকীয়া আদিবাসী পিপুল লিবাৰেচন আৰ্মী চমুকৈ আলপা( APLA)ৰ সদস্য বুলি জানিব পৰা গৈছে ৷

Also Read: জামুগুৰিহাটৰ ইটাখোলাত জব্দ ৩০ লাখ টকা মূল্যৰ ড্ৰাগছ

Assam police