মীন আইন উলংঘা কৰি মাছ ধৰা লোকক আটক, জব্দ জাল...

মীন আইন উলংঘা কৰি মাছ ধৰা লোকক আটক, জব্দ জাল...

ডিজিটেল সংবাদ, ধুবুৰী : ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ নিষিদ্ধ ঘোষিত অঞ্চলত মাছ ধৰাৰ অপৰাধত সোমবাৰে ধুবুৰীৰ ধীৰ বিলত কেইবাজনো মাছ ধৰা লোকক আটক কৰা হয়। লগতে জব্দ কৰা হয় মাছ ধৰা জাল। ধুবুৰী জিলা মীন বিষয়া ইব্ৰাহীম আলী খানে বিভাগীয় কৰ্মচাৰী সকলক লগত লৈ এই অভিযান চলায়।

প্ৰকৃতি সংগঠন অৰণ্য সুৰক্ষা সমিতি অসমে জিলা মীন বিষয়া গৰাকীয়ে চলোৱা এই অভিযানক আদৰণি জনাইছে। উল্লেখযোগ্য যে, অৰণ্য সুৰক্ষা সমিতি অসমে মৎস্য বৈচিত্ৰ্য সংৰক্ষণৰ বাবে ধীৰ বিলক মৎস্য অভয়াৰণ্য ৰূপে ঘোষণা কৰাৰ দাবী জনাই আহিছে। ধুবুৰী জিলাৰ ধীৰ বিলত শতাধিক প্ৰজাতিৰ মাছ পোৱা যায় । আনহাতে জাৰকালি এই বিললৈ হাজাৰ হাজাৰ পৰিভ্ৰমী পখীৰ আগমণ হয়। কিন্তু এচাম চোৰাং মৎস্য চিকাৰ আৰু অবৈধ বেদখলে বিলখনৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিবলৈ ধৰিছে।

মীন আইন উলংঘা কৰি মাছ ধৰা লোকক আটক, জব্দ জাল...
জে জে এম অসমৰ অধীনত কাৰ্যৰত ঠিকাদাৰৰ কাম-কাজৰ পর্যালোচনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in