ড্ৰাগছ নিমূৰ্লৰ লক্ষ্যৰে কামপুৰত বীৰ লাচিত সেনাৰ ড্ৰাগছ বিৰোধী সজাগতা সভা...

ড্ৰাগছ নিমূৰ্লৰ লক্ষ্যৰে কামপুৰত বীৰ লাচিত সেনাৰ ড্ৰাগছ বিৰোধী সজাগতা সভা...
ড্ৰাগছ নিমূৰ্লৰ লক্ষ্যৰে কামপুৰত বীৰ লাচিত সেনাৰ ড্ৰাগছ বিৰোধী সজাগতা সভা...

ডিজিটেল সংবাদ কামপূৰঃ বৃহত্তৰ কামপুৰ অঞ্চলত অবাধ গতিত ক্ৰমাৎ বৃদ্ধি পাব ধৰা ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে কামপুৰৰ বিভিন্ন দল সংগঠন।আজি কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত বীৰ লাচিত সেনাৰ উদ্যোগত আৰু কামপুৰৰ কেইটাও সামাজিক সংগঠনৰ সহযোগত এখন ড্ৰাগছ বিৰোধী সজাগতা সভা অনুস্থিত হয়।

কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীয়ে সভাপতিত্ব কৰা সজাগতা সভাখনত কামপুৰ ৰাজহচক্ৰৰ বিষয়াগৰাকীৰ লগতে কেইবাজনো চিকিৎসক আৰু কেইবাটাও সামাজিক সংগঠনৰ বিষয়াববীয়া উপস্থিত থাকে। বীৰ লাচিত সেনাৰ মুখপাত্ৰ প্ৰকাশ বৰুৱাই আঁতধৰা সভাখনত উপস্থিত থাকি কামপুৰৰ চক্ৰ বিষয়া অনন্যা লহকৰে কয় যে, শিক্ষা -দীক্ষাৰে পৰিপুষ্ট কামপুৰ অঞ্চলত এইদৰে ড্ৰাগছৰ প্ৰচলন বৃদ্ধি হোৱাতো সমাজখনৰ বাবেই ক্ষতিকৰ।

তেওঁ নৱ প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ অভিভাৱকৰ লগতে সমাজৰো বহুখিনি দ্বায়িত্ব থকা বুলি কয়। সভাত উপস্থিত থাকি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই ড্ৰাগছৰ প্ৰভাৱত এখন সমাজ, এটা পৰিয়াল কিদৰে ধ্বংসৰ মুখলৈ গতি কৰে তাক বাখ্যা কৰি কামপুৰৰ পৰা ড্ৰাগছ সম্পূৰ্ণভাৱে নিৰ্মূল কৰিবলৈ সকলো দল সংগঠনৰ লগতে কামপুৰৰ সকলো ৰাইজ ঐক্যবদ্ধ হৈ আৰক্ষীক সহায় সহযোগ আগবঢ়োৱাৰ বাবে আহ্বান কৰে।

এই সভা খনতে দুই চিকিৎসক ডাঃ আকাশী হাজৰীকা আৰু ডাঃ ৰিয়াজ উদ্দিন আহমেদে নৱ প্ৰজন্ম ড্ৰাগৰ কবলত পৰি কি দৰে নিঃশেষ হ'ব ধৰিছে তাৰ ওপৰত বহলাই বাখ্যা কৰি ইয়াক নিৰাময়ৰ বাবে ল'ব লগা ব্যৱস্থাৰ ওপৰতো বাখাা কৰে ।দুই চিকিৎসকে নৱ প্ৰজন্মই মোবাইলৰ কু-প্ৰভাৱত তিল তিল কৈ কি দৰে নিজৰ লগতে সমাজখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে তাৰ ওপৰতো বাখ্যা দাঙি ধৰে।

সভাখনত সমাজকৰ্মী যতীন বৰা আৰু সাংবাদিক ৰাজু শইকীয়াও কামপুৰ অঞ্চলত দিনক দিনে ড্ৰাগছৰ প্ৰভাৱ বৃদ্ধি হোৱা আৰু অঞ্চলটো ড্ৰাগছক সম্পূৰ্ণ ভাৱে নিৰ্মূল কৰাৰ ওপৰত বক্তব্য প্ৰদান কৰে।কামপুৰৰ আঞ্চলিক যুৱ সমাজ, অসম যুৱ ছাত্ৰ পৰিষদৰ লগতে সকলো দল সংগঠনে সহযোগ কৰা সভাখনত বৃহত্তৰ কামপুৰ অঞ্চলৰ পৰা ড্ৰাগছ সম্পূৰ্ণ ভাৱে নিমূৰ্ল কৰিবলৈ সকলো দল সংগঠনে ঐক্যবদ্ধভাৱে কাম কৰিব বুলি মন্তুব্য কৰে।

ড্ৰাগছ নিমূৰ্লৰ লক্ষ্যৰে কামপুৰত বীৰ লাচিত সেনাৰ ড্ৰাগছ বিৰোধী সজাগতা সভা...
আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন: হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in