/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/a90b06eb-317d-4bc3-9fa9-fb8ec14b61e2/batradava_19.jpg)
আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন: হৰি নামৰ ধ্বনিৰে মুখৰিত বটদ্ৰৱা থান...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ অসমীয়া সমাজ জীৱনৰ আটাইতকৈ পবিত্ৰ ভাদ মাহৰ আজি প্ৰথমটো দিন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ আদি বিভিন্ন তিথি, মহোৎসৱৰ সমাহাৰেৰে পবিত্ৰ ভাদ মাহটো সকলোৰে আদৰৰ।
বটদ্ৰৱা থানত পপবিত্ৰ ভাদ মাহ উপলক্ষে ভকত বৈষ্ণৱৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে। দূৰদূৰণিৰ তীৰ্থযাত্ৰী আগমন ঘটিছে। হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই আজিৰে পৰা বটদ্রৱা থানত ওঠৰ প্রসঙ্গৰে পুৱাৰে পৰা মাজ নিশালৈ যতি নপৰাকৈ ভকত বৈষ্ণৱে নাম কীৰ্তন কৰিব।
Also Read: অতুল হত্যাকাণ্ডৰ ন্যায় বিচাৰি ঘিলামৰাত ৰাজপথ অৱৰোধ...