নগাঁও কলেজ (স্বায়ত্তশাসিত)ৰ শৈক্ষিক সাধনাৰ আন এক মাইলৰ খুঁটি

নগাঁও কলেজ (স্বায়ত্তশাসিত)ৰ শৈক্ষিক সাধনাৰ আন এক মাইলৰ খুঁটি

ডিজিটেল সংবাদ,নগাঁও : শেহতীয়াকৈ ইনফ’ছিছ স্প্ৰিংব’ৰ্ড পৰ্টেলত নগাঁও কলেজ (স্বায়ত্তশাসিত) নামেৰে এটা মাইক্ৰ’ছাইট খোলা হৈছে। এই মাইক্ৰ’ছাইটত অধ্যাপক সদস্যসকলে ইনফ’ছিছ স্প্ৰিংব’ৰ্ডৰ ২০,০০০ পাঠ্যক্ৰমৰ পৰা যিকোনো পাঠ্যক্ৰম নিৰ্বাচন আৰু যোগ কৰিব পাৰিব।

লগতে ছাত্ৰ-ছাত্ৰীসকলে ছাইটটোলৈ গৈ বিনামূলীয়াকৈ যিকোনো পাঠ্যক্ৰম নিৰ্বাচন কৰি নামভৰ্তি কৰিব পাৰিব বুলি নগাঁও কলেজ (স্বায়ত্তশাসিত) ৰ অধ্যক্ষ ড০ শৰৎ বৰকাটাকীয়ে ব্যক্ত কৰে। তদুপৰি ছাইটটোত গৈ ছাত্ৰ-ছাত্ৰীৰ অৱস্থা ( পাঠ্যক্ৰম সম্পূৰ্ণ কৰা, প্ৰমাণপত্ৰ, নামভৰ্তিৰ অৱস্থা) পৰীক্ষা কৰাৰ পৰিসৰ আছে।

আনকি নগাঁও কলেজ (স্বায়ত্তশাসিত)ৰ ইনফ’ছিছ স্প্ৰিংব’ৰ্ডৰ ন’ডেল অফিচাৰ ড০ টিকেন দাসে উল্লেখ কৰে যে, এই মাইক্ৰ’ছাইটত MOOCs পাঠ্যক্ৰম সম্পৰ্কীয় যিকোনো বাতৰি আপডেট কৰাৰ সুবিধাও আছে। এই শৈক্ষিক পদক্ষেপৰ জৰিয়তে প্ৰতিষ্ঠানটোক ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰূপায়ণত সহায় কৰিব।

এই সন্দৰ্ভত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ (IQAC) সমন্বয়ক ড০ ভূবন চন্দ্ৰ চুতীয়াই কয় যে, ইতিমধ্যে পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন পাঠ্যক্ৰমত বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ প্ৰমাণ পত্ৰ লাভ কৰিছে আৰু প্ৰায় ১৫০০ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন পাঠ্যক্ৰমত নিজৰ নাম নামভৰ্তি কৰিছে। এই পাঠ্যক্ৰমৰ ভিতৰত ক্ষমতা বৃদ্ধি পাঠ্যক্ৰম, মূল্য সংযোজিত পাঠ্যক্ৰম আৰু কম্পিউটাৰ সম্পৰ্কীয় দক্ষতা বৃদ্ধি পাঠ্যক্ৰমৰ দৰে পাঠ্যক্ৰম আছে।

উল্লেখযোগ্য যে, নগাঁও মহাবিদ্যালয়খন অসমৰ প্ৰথমখন মহাবিদ্যালয় যাৰ বাবে ইনফ’ছিছৰ স্প্ৰিংব’ৰ্ডে মাইক্ৰ’ছাইট নিৰ্মাণ কৰিছিল। কলেজখনত MOOCsৰ সৈতে জড়িত সকলো সুবিধা আপডেট কৰাৰ পৰিসৰ উপলব্ধ আছে বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।

নগাঁও কলেজ (স্বায়ত্তশাসিত)ৰ শৈক্ষিক সাধনাৰ আন এক মাইলৰ খুঁটি
গুৱাহাটী প্ৰেছ ক্লাৱত কুঁহিপাতৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশনত ১০খনকৈ গ্ৰন্থ উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in