/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e5047cc6-7873-453e-9c43-367c84ee5316/school_18.jpg)
দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ বাৰ্ষিক দিৱস অনুষ্ঠান...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ আজি "বাৰ্ষিক দিৱস" অনুষ্ঠানটি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলামে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/68f9d9ce-2a49-4ea0-9d1e-ecfd5feada13/891c55da-9371-4752-89f9-e62da0ad17aa.jpg)
পাছত একাডেমীৰ ছাত্ৰী হালিমা খাতুনে আদৰণি ভাষন প্ৰদান কৰে। একাডেমীৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে নিশাদ, সুমাইয়া, ইয়াচিৰ আৰফাট, আবু হাম্মাদ হোজাইফা, ৰাব্বানি হুছেইন, ষ্টাৰচন ৰংফাৰ, ইমৰানা আখতাৰে আঁত ধৰা অনুষ্ঠানটিত অতিথিৰূপে অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক তুৱাৰাম বৰুৱা, সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু কৌশিক সৰকাৰে দময়ন্তী বালা মেমৰিয়েল ইংলিছ একাডেমীৰ উত্তৰোত্তৰ কামনা কৰি ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/4a211799-8429-4458-9c27-c5f5b78fb5ab/40ce6b49-2cfc-4f9f-b698-928ae82d5dee.jpg)
একাডেমীৰ অধ্যক্ষা মামু গোস্বামীকে প্ৰমুখ্য কৰি শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক-আভিভাবিকাসহ চাৰি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, আধুনিক গীত, কবিতা আবৃত্তি আদিৰে মুখৰিত হৈ পৰে।
Also Read: ঘিলামৰা আৰক্ষীৰ লকআপত সোমাল স্বয়ম্ভূ প্ৰবঞ্চক পুলিন শইকীয়া...