ঘিলামৰা আৰক্ষীৰ লকআপত সোমাল স্বয়ম্ভূ প্ৰবঞ্চক পুলিন শইকীয়া...

ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানেৰে লুটিছিল কোটি কোটি টকা
ঘিলামৰা আৰক্ষীৰ লকআপত সোমাল স্বয়ম্ভূ  প্ৰবঞ্চক পুলিন শইকীয়া...
ঘিলামৰা আৰক্ষীৰ লকআপত সোমাল স্বয়ম্ভূ  প্ৰবঞ্চক পুলিন শইকীয়া...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাইজৰ সঞ্চিত ধন খাই পেটুৱা হোৱা এটা ঠগ প্ৰবঞ্চক শনিবাৰে আৰক্ষীৰ জালত পৰিল। ঢকুৱাখনাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী, দিন হাজিৰাকাৰী, শ্ৰমিক শ্ৰেণীৰ সঞ্চিত পুঁজি গোগ্ৰাসে উদৰস্থ কৰি ঘিলামৰা আৰক্ষী থানাৰ লকআপৰ আলহী হোৱা এইটো ধুৰন্ধৰ প্ৰতাৰকৰ নাম পুলিন শইকীয়া।

লখিমপুৰ বধাকৰাৰ বাসিন্দা অৰুণ শইকীয়াৰ পুত্ৰ এইটো লুণ্ঠনকাৰীয়ে ঢকুৱাখনা নগৰৰ মহালক্ষ্মী ভৱনৰ এটা ঘৰ ভাড়া কৰি আৰম্ভ কৰিছিল অসম গাঁৱলীয়া নিধি লিমিটেড নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান। বিত্তীয় প্ৰতিষ্ঠানটোৰ স্বয়ম্ভূ পৰিচালন সঞ্চালক হৈ একাংশ থলুৱা যুৱক-যুৱতীক প্ৰতিষ্ঠানটোৰ বিভিন্ন পদত নিযুক্তি দি ধন সংগ্ৰহৰ ব্যাপক অভিযান চলাই গৈছিল।

দৈনিক ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী, শ্ৰমিক, দৰিদ্ৰ ৰাইজৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ আৰ্জিত ধন সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত "মেছিউৰিটি"ৰ ধন ৰাশি আদায় নিদি পলায়ন কৰিছিল এইটো খকুৱা লুণ্ঠনকাৰী পুলিন শইকীয়াই। নিধিৰ ঢকুৱাখনাস্থিত কাৰ্য্যালয় উদং কৰি নিশাই উধাও হোৱা এইটো মতলবী ঠগ প্ৰৱঞ্চকৰ কৰাল গ্ৰাসত পৰি সৰ্বশ্ৰান্ত হোৱা দৰিদ্ৰ গ্ৰাহকসকলে হৃত জমা পুঁজি উদ্ধাৰৰ আশাৰে ঢকুৱাখনা সদৰ আৰক্ষী থানাত গোচৰ তৰিছিল ।

নিধিৰ ঠগ স্বয়ম্ভূ এম ডিটোৰ উপৰিও একাংশ কৰ্মচাৰীৰো বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬ ধাৰাৰ অধীনত পঞ্জীভূত গোচৰ (নং- ১৯/ ২০২৪) ৰ ভিত্তিত ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নয়নজ্যোতি ডেকাই তদন্ত চলাইছিল। কেৱল যে দৰিদ্ৰ গ্ৰাহকক হে ঠগিছিল এইটো অৰ্থলোভীয়ে তেনে নহয় ।

বিত্তীয় প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীকো চলাহী কথাৰে প্ৰতাৰণা কৰিছিল লুণ্ঠনকাৰী পুলিন শইকীয়াই। এই সন্দৰ্ভত প্ৰতাৰিত কৰ্মচাৰী একাংশই এইটো প্ৰৱঞ্চকৰ ওপৰত গোচৰ তৰিছিল। কেৱল ঢকুৱাখনাৰ পৰাই কোটি কোটি টকা উদৰস্থ কৰি উধাও হোৱা এইটো প্ৰৱঞ্চকক বিচাৰি তদন্তকাৰী বিষয়া ঘিলামৰা থানাৰ অচি নয়নজ্যোতি ডেকাই বিগত এটা সপ্তাহ ধৰি গুৱাহাটীত বাহৰ পাতি আছিল।

চতুৰ ঠগটোৱে এটা মোবাইল ব্যৱহাৰ কৰি, কেৱল প্ৰয়োজন হলে মোবাইল খুলি নিজৰ কাম সম্পন্ন কৰিছিল। গুৱাহাটীৰ গড়চুক থানাৰ অন্তৰ্গত এটা ঘৰত আত্মগোপন কৰি থকা এইটো পলাতক আচামীক অনুসৰণ কৰি গুৱাহাটীৰ পৰা খেদি আহি শনিবাৰে পুৱা লখিমপুৰ সদৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

সম্প্ৰতি লুণ্ঠনকাৰী পুলিন শইকীয়া ঘিলামৰা থানাৰ লকআপত। বিয়লি তদন্তকাৰী আৰক্ষী বিষয়া ডেকাই ধৃত পলাতক শইকীয়াৰ স্বাস্থ্য পৰীক্ষা কৰি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই। তদন্তকাৰী বিষয়া নয়নজ্যোতি ডেকাই ইতিমধ্যে প্ৰতাৰকটোৰ বিৰুদ্ধে বহু প্ৰামানিক তথ্য সংগ্ৰহ কৰি তদন্তৰ গতি ক্ষীপ্ৰতৰ কৰি তোলা বুলি জানিবলৈ দিছে ।

ঘিলামৰা আৰক্ষীৰ লকআপত সোমাল স্বয়ম্ভূ  প্ৰবঞ্চক পুলিন শইকীয়া...
শিলচৰৰ এটা অট্টালিকাৰ ৪ মহলাত থকা কম্পিউটাৰ চেণ্টাৰত অগ্নিকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in