ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ বাৰ্ষিক অধিৱেশন

ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ বাৰ্ষিক অধিৱেশন

author-image
Asomiya Pratidin
New Update
ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ বাৰ্ষিক অধিৱেশনখনি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয়। কাৰ্যসূচী অনুসৰি পুৱা ১০-০০ বজাত পতাকা উত্তোলন কৰে ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অমল বৰাই।

Advertisment

১০ -৩০ বজাত স্মৃতিতৰ্পণ কৰে নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্য্যকৰী সভাপতি নিত্যানন্দ বৰাই। আনহাতে ১১-০০ বজাৰ পৰা অনুষ্ঠিত সাধাৰণ সভা উদ্বোধন কৰে ধিং জেষ্ঠ নাগৰিক সন্থাৰ উপদেষ্টা মুনীন্দ্ৰ ভাগবতীয়ে।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক খগেন্দ্ৰ নাথ দেৱ শৰ্মাই। সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা০ বাহাৰুল ইছলাম আৰু বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক মোহিনী মোহন ডেকাই ভাষণ প্রদান কৰে।

Also Read: জোনবাই এ বেজী এটি দিয়া...

dhing