নগাঁৱত শোকৰ ছাঁ: বিশিষ্ট লেখিকা, শিল্পী অনিমা বৰুৱা শৰ্মাৰ মৃত্যু...

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মাৰ সহধৰ্মিনী অনিমা বৰুৱা শৰ্মাৰ শণিবাৰে বিয়লি ২-৪০ বজাত পৰলোকপ্ৰাপ্তি হয় ৷

author-image
Asomiya Pratidin
New Update
নগাঁৱত শোকৰ ছাঁ: বিশিষ্ট লেখিকা, শিল্পী অনিমা বৰুৱা শৰ্মাৰ মৃত্যু...

ডিজিটেল সংবাদ, বেবেজীয়া: অসমৰ সাহিত্য, সাংস্কৃতিৰ জগতলৈ দুখবৰ। সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সাংস্কৃতিক সম্পাদিকা, বিশিষ্ট সাহিত্যিক, অনাতাঁৰ কণ্ঠশিল্পী, নগাঁৱৰ শঙ্কৰ জ্যোতি শাখা সাহিত্য সভাৰ সম্পাদিকা, অসম সাহিত্য সভাৰ আজীৱন সদস্যা, উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম মানৱ সেৱাৰ অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ কাৰ্যনিৰ্বাহক সদস্যা অনিমা বৰুৱা শৰ্মা আৰু নাই।

Advertisment

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মাৰ সহধৰ্মিনী অনিমা বৰুৱা শৰ্মাৰ শণিবাৰে বিয়লি ২-৪০ বজাত পৰলোকপ্ৰাপ্তি হয় ৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বিগত এটা পষেক চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় সমাজকৰ্মী গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ।

নগাঁৱৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হোৱা অনিমা বৰুৱা শৰ্মাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত সমগ্ৰ চহৰখনতে শোকৰ ছাঁ পৰে। কেইবাখনো গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ বিশেষ বৰঙনি আগবঢ়াই যোৱা শৰ্মাৰ মৃত্যুয়ে শূণ্যতাৰ সৃষ্টি কৰিব অঞ্চলটোত।

তেওঁৰ মৃত্যুত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, শ্ৰীমন্ত শংকৰ মিশ্যন, নগাঁও জিলা সাহিত্য সভা, গ্ৰাম বিকাশ পৰিষদ, পি.ভি.আইকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ স্বামী আৰু একমাত্ৰ কন্যাক ইহসংসাৰত এৰি থৈ যায় শৰ্মাই।

Also Read: স্কেটিং চেম্পিয়নশ্বিপত ভাগ ল'ব বিচাৰে নেকি ?

asom sahitya sabha