নগাঁৱত মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ স্মৃতি দিৱস উদযাপন

নগাঁৱত মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ স্মৃতি দিৱস উদযাপন

ডিজিটেল সংবাদ, নগাঁও: ১৯৭২ ৰ মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ ৫১ সংখ্যক স্মৃতি দিৱস শনিবাৰে নগাঁৱত উদযাপন কৰা হয়। নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নগাঁও চহৰৰ নেহৰুবালিৰ সমীপত থকা শ্বহীদ গৰাকীৰ সমাধিক্ষেত্ৰ ও শ্বহীদ স্মাৰক ক্ষেত্ৰত শ্বহীদ অনিল বৰাৰ স্মৃতি দিৱস উদযাপন কৰা হয়। পুৱা মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তিত ছাত্ৰ সন্থাৰ সদস্যসকলৰ লগতে বহু কেইগৰাকী প্ৰাক্তন ছাত্ৰ নেতা আৰু বিশিষ্ট ব্যক্তিয়ে মাল্যপ্ৰদান কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে।

এই উপলক্ষে অনুষ্ঠিত চমু স্মৃতিচাৰণ অনুষ্ঠানত কেইবাগৰাকী প্ৰাক্তন ছাত্ৰ কৰ্মীয়ে অনিল বৰাৰ জীৱনৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে অনিল বৰা সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে আগৰণুৱা আছিল। অভিনয়ৰ ক্ষেত্ৰতো তেওঁ সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। অসমীয়া ভাষাৰ বাবে সংগ্ৰাম কৰা অনিল বৰাৰ অকালতে মৃত্যু হোৱাটো অসমৰ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি। অসমে এগৰাকী প্ৰকৃত অসম হিতৈষী যুৱ নেতা আৰু জাতীয়তাবাদী নেতাক হেৰুৱালে।

অনুষ্ঠানত প্ৰাক্তন ছাত্ৰ নেতা সুৰজিৎ গোস্বামী, বিজয় বৰঠাকুৰসহ কেবাজনো প্ৰাক্তন ছাত্র নেতা, সদৌ নগাঁও মহকুমা ছাত্ৰ সন্থা, নগাঁও সদৰ আঞ্চলিক ছাত্ৰ সন্থা, শ্বহীদ গৰাকীৰ ভাতৃ অপূৰ্ব বৰা আদিয়ে অংশগ্ৰহণ কৰে। সন্ধিয়া শ্বহীদ অনিল বৰা সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰা হয়।

ইপিনে নগাঁৱৰ ম 'হখুলি শ্বহীদ অনিল বৰা স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়তো শ্বহীদ গৰাকীৰ স্মৃতি দিৱস উদযাপন কৰা হয় । বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী মিজুমি মহন্তই শ্বহীদ অনিল বৰাৰ আবক্ষ মুৰ্তিত মাল্যপ্ৰদান কৰে। ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাত সহকাৰী শিক্ষক পংকজ শইকীয়াকে ধৰি কেবাজনো বক্তাই অনিল বৰাৰ জীৱন দৰ্শনৰ লগতে ভাষা জননীৰ বেদীত অনিল বৰাই কেনেকৈ প্ৰাণ আহুতি দিব লগা হৈছিল সেই সম্পৰ্কেও উল্লেখ কৰে।

শ্বহীদ গৰাকীৰ জন্মস্থান পলাশনী ক্ৰীড়া আৰু সাংস্কৃতিক সংঘৰ উদ্যোগত পলাশনীতো শ্বহীদ গৰাকীৰ স্মৃতি দিবস উদযাপন কৰা হয়। উল্লেখ যে ১৯৭২ চনত অসমত হোৱা ভাষাৰ মাধ্যম আন্দোলনত সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক, সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, নগাঁও মহাবিদ্যালয় ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অনিল সবলে নেতৃত্ব দিছিল। আজিৰ দিনটোতে অবিভক্ত নগাঁও জিলাৰ হোজাই চহৰত আন্দোলনৰ কাৰ্যসূচীৰ তদাৰক কৰিবলৈ যোৱাৰ সময়ত দুস্কৃতিকাৰীৰ হাতত প্ৰাণ বিসৰ্জন দিছিল অনিল বৰাই।

নগাঁৱত মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ স্মৃতি দিৱস উদযাপন
হায় শিক্ষা বিভাগ! আন্তঃগাঁথনিৰ অভাৱত বিদ্যালয়ৰ শৌচালয়ত ৰাখিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in