কলিয়াবৰত মৃতদেহ লৈ ৰাজপথতে প্ৰতিবাদত বহিল ক্ষুব্ধ জনতা...

কলিয়াবৰৰ মিছাত শুকুৰবাৰে বিয়লি ৰাইজৰ প্ৰতিবাদ । পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ স্থানীয় বন্ধ ঘোষণা
প্ৰতিবাদ
প্ৰতিবাদ

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ মিছাত শুকুৰবাৰে বিয়লি ৰাইজৰ প্ৰতিবাদ । পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ স্থানীয় বন্ধ ঘোষণা ।

দুৰ্ঘটনাত নিহত মহিলাৰ মৃতদেহ লৈ ৰাজপথত প্ৰতিবাদ । চাৰিলেন পথৰ নিৰ্মাণত হেমাহিৰ বাবে দুৰ্ঘটনাৰ অভিযোগ । বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনা । তিনিখনকৈ বাহনৰ সংঘৰ্ষত নিহত হৈছিল দুগৰাকী মহিলা আৰু এজন চালক । দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকে মহতিয়াই নিছিল পথাচাৰী মহিলা দুগৰাকীক ।

উল্লেখ্য যে, চাৰিলেন পথৰ নিৰ্মাণত হেমাহিৰ বাবে অঞ্চলটোত ক্ৰমাৎ বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা । আনহাতে চাৰিলেন পথৰ দাঁতিত পথাচাৰীৰ বাবে পদপথৰ কোনো সুবিধা নথকাত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলবাসী ।

পথ নিৰ্মাণত হোৱা এনে বিসংগতি দূৰ কৰাৰ লগতে পদপথৰ ব্যৱস্থা কৰাৰ দাবীত নিহত মহিলা দুগৰাকীৰ মৃতদেহ লৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৰাইজে । লগতে নিৰ্মাণকাৰী সংস্থা ছিমপ্লেক্স আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাথনি উন্নয়ন নিগমৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মিছাবাসী ৰাইজে ।

দুঘণ্টা ধৰি ৰাজপথ অৱৰোধ হৈ থকাৰ পিছত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ লগতে দণ্ডাধীশ উপস্থিত হৈ দুৰ্ঘটনাৰ সঠিক তদন্তৰ আশ্বাস প্ৰদান কৰাত ৰাইজে ৰাজপথ মোকলাই দিয়ে । এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলস্বৰূপে ৰাষ্ট্ৰীয় ঘাইপথত দুঘণ্টা ধৰি শ শ বাহন আবদ্ধ হৈ পৰে।

প্ৰতিবাদ
কাজিৰঙাত গজ মহোৎসৱ-২০২৩ উদ্ধোধন কৰিলে ৰাষ্ট্ৰপতিয়ে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in