নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে অঙ্গিৰা ভৰদ্বাজে

নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে অঙ্গিৰা ভৰদ্বাজে

ডিজিটেল সংবাদ,বেবেজীয়াঃ নিষ্ঠা,একাগ্ৰতা, কঠোৰ অধ্যাৱসায়ে কাকোৱে নিৰাশ নকৰে। অৱশ্যে এইসমূহৰ উপৰিও লাগে ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ। কঠোৰ অধ্যয়নৰ ফল লাভ কৰিলে নগাঁৱৰ অঙ্গিৰা ভৰদ্বাজে ৷

নগাঁও চহৰৰ আমোলাপট্টি নিবাসী তথা নগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱ কুমাৰ মহন্ত আৰু কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ সহকাৰী শিক্ষয়িত্রী দিপালী মহন্তৰ জেষ্ঠ কন্যা অঙ্গিৰা ভৰদ্বাজে সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হৈ সমগ্ৰ জিলাখনলৈ গৌৰব কঢ়িয়াই আনিছে।

সৰু কালৰ পৰাই কিতাপ পঢ়ি ভাল পোৱা অঙ্গিৰাই নগাঁও চহৰৰ খ্ৰাইষ্টজ্যোতি হাই স্কুলৰ পৰা ডিচটিংচন সহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ নগাঁও মহাবিদ্যালয়ৰ পৰা ২০১১ চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়। ইয়াৰ পৰবৰ্তী সময়ত গুৱাহাটীৰ ৰয়েল গ্লবেল ইউনিভাবচিটিৰ পৰা ২০১৬ চনত ইলেকট্রনিকচ এন্ড টেলিকমিউনিকেচন পাঠ্যক্রমত বি ই পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটীত এটি ব্যক্তিগত কোম্পানীৰ চাকৰিত যোগদান কৰে । চাকৰি কৰি থকাৰ সময়তে ৰাজ্য চৰকাৰৰ অসম গ্রামীন জীৱিকা মিচনৰ অধীনত ৰহা উন্নয়ন খণ্ডত ব্লক ক'অর্ডিনেটৰ হিচাবে তিনিবছৰ চাকৰি কৰিছিল।

২০২১ চনত বিবাহ পাশত আবদ্ধ হোবাৰ পিচত ২০২২ চনত ডিচেম্বৰ মাহত চাকৰি পদত্যাগ কৰি অসম লোকসেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। তেওঁ স্বামী ত্রিদিপ কলিতা, পিতৃ-মাতৃ ভগ্নীৰ আদিৰ সহযোগত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অবতীর্ণ হয়। অৱশেষত তেওঁ অসম লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীর্ণ হয়।

শাস্ত্রীয় সংগীত স্নাতক ডিগ্রী লাভ কৰা অঙ্গিৰাই গীত পৰিবেশন কৰাৰ উপৰি অসমীয়া ইংৰাজী ভাষাৰ বহু লেখকৰ কিতাপ পঢ়ি আজৰি সময় অতিবাহিত কৰি ভাল পায়। তেওঁ সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ আচাম আৰবান এডমিনিষ্ট্রেটিভ চাৰ্ভিচ (Assam Urban Administrative Service) ৰ দ্বাদশ স্থান (১২তম) লাভ কৰিছে।

উল্লেখ কৰিব পাৰি যে বৈবাহিক জীবন আৰম্ভ কৰা অঙ্গিৰাই স্বামী ত্রিদিপ কলিতাৰ লগতে ঘৰ খনৰ সকলোকে পৰা অফুৰন্ত মৰম চেনেহ পাইছে আৰু এই দৰে সফলতা লাভ কৰিবলৈ সক্ষম হয় । লগতে সকলোৰে ঐকান্তিক প্রচেষ্টাত তেওঁ এই কৃতকার্যতা লাভ কৰিছে।

উল্লেখ যে কৰ্মৰত অৱস্থাত বিভাগীয় উচ্চ পদস্থ বিষয়া, কর্মচাৰী আৰু স্থানীয় কর্মচাৰী সকলৰ মনোনিবেশ আকর্ষণ কৰিছিল। বিশেষকৈ জীৱিকা সখী সকলৰ পৰা সকলো সময়তে সহায় সহযোগ লাভ কৰিছিল । 'কামৰ কোনো সৰু বৰ নাই' এই বাক্য শাৰী অঙ্গিৰাই পালন কৰি বিভিন্ন গ্রাম্য এলেকাত খোজ কাঢ়ি গৈ কাম কৰিছিল।

অঙ্গিৰাই এই সফলতাৰ আৰঁত তেওঁক পিতৃ মাতৃ- আৰু একমাত্র ভন্টি হর্ষিতা ভৰদ্বাজৰ পূর্ণ সহযোগিতাৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগত জেষ্ঠ আই এ এচ বিষয়া নাৰায়ণ কোঁৱৰ , অসম আৰক্ষী বিভাগৰ জ্যেষ্ঠ বিষয়া মুগ্ধজ্যোতি মহন্ত, তেওঁৰ মামা-আইতা আৰু পৰিয়ালৰ সকলোৰে সহায়- সহযোগিতা আছিল। অন্যহাতে তেওঁ লগতে ৰাজ্য চৰকাৰৰ বিশেষকৈ অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ স্বচ্ছ আৰু নিকা নিযুক্তি প্রক্রিয়াক শলাগ লয়।

নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে অঙ্গিৰা ভৰদ্বাজে
কাজিৰঙাৰ কৃষিভূমিত বণিয়াৰ শেনচকু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in