কাজিৰঙাৰ কৃষিভূমিত বণিয়াৰ শেনচকু

কাজিৰঙাৰ কৃষিভূমিত বণিয়াৰ শেনচকু। কাজিৰঙাৰ একাংশ কৃষিভূমিত বিলাসী হোটেল-ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা চলিছে।যি সময়ত বন্য জীৱ-জন্তুৰ আবাসভূমি সংকোচন, কৰিডৰ বেদখল আদি কাৰণত হাতী-মানুহৰ সংঘাত বৃৃদ্ধি হৈছে তেনে সময়তে কাজিৰঙাত কৰিডৰ সংযোগী কৃষিভূমি ক্ৰয় কৰি হোটেল-ৰিজৰ্ট নিৰ্মাণৰ প্ৰতিযোগিতা চলিছে।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ কৃষিভূমিত বণিয়াৰ শেনচকু

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাৰ কৃষিভূমিত বণিয়াৰ শেনচকু। কাজিৰঙাৰ একাংশ কৃষিভূমিত বিলাসী হোটেল-ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা চলিছে।যি সময়ত বন্য জীৱ-জন্তুৰ আবাসভূমি সংকোচন, কৰিডৰ বেদখল আদি কাৰণত হাতী-মানুহৰ সংঘাত বৃৃদ্ধি হৈছে তেনে সময়তে কাজিৰঙাত কৰিডৰ সংযোগী কৃষিভূমি ক্ৰয় কৰি হোটেল-ৰিজৰ্ট নিৰ্মাণৰ প্ৰতিযোগিতা চলিছে।

Advertisment

একাংশ বণিয়াই বিভিন্ন প্ৰক্ৰিয়াৰে নিশাটোৰ ভিতৰতে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি নিৰ্মাণ আৰম্ভ কৰে বিলাসী হোটেল-ৰিজৰ্ট নিৰ্মাণৰ। শেহতীয়াকৈ কাজিৰঙাৰ বচাগাঁৱৰ শ্ৰী শ্ৰী কাঁকগোসানী থানৰ সমুখৰ কৃষিভূমিত চলা নিৰ্মাণ কাৰ্যকলৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জনৈক শৰ্মা উপাধিৰ এজন ব্যৱসায়ীয়ে কৃষিভূমিত আৰম্ভ কৰিছে নিৰ্মাণকাৰ্য। প্ৰায় ১০ ফুট উচ্চতাৰ প্ৰকাণ্ড দেৱাল নিৰ্মাণ কৰি বন্যজীৱৰ অহা-যোৱাত ব্যাঘত জন্মোৱা কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় দল-সংগঠনে।

অভিযোগ অনুসৰি বিভিন্ন সময়ত মূলত বানপানীৰ সময়ত বন্যজীৱই আশ্ৰয়ৰ সন্ধানত উদ্যানৰ দাতিকাষৰীয়া বিভিন্ন ঠাইলৈ ধাৱমান হয়। তেনেস্থলত এনে বৃহৎ দেৱালে বন্যজীৱৰ বাবে সমস্যাৰ সৃষ্টি কৰিব বুলি মত প্ৰকাশ কৰে দল-সংগঠনৰ প্ৰতিনিধিয়ে।হাতী-মানুহৰ সংঘাত, বন্যজীৱৰ জনাঞ্চলত মুক্ত বিচৰণৰ ঘটনাৰ বাবে কৃষিভূমি আৰু কৰিডৰত নিৰ্মাণেই মূলত কাৰণ যদিও এইক্ষেত্ৰত নিমাত বন বিভাগ তথা প্ৰকৃতিপ্ৰেমী সংগঠন।

Also Read: কবি ভবানন্দ ৰাজখোৱাৰ ১০৬ সংখ্যক ওপজাদিনত স্মৃতিচাৰণ অনুষ্ঠান

wild animals forest department of assam kaziranga