/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/fa426f78-7a5f-4f03-8ee3-ce7185e56216/AP_FOR_WEB_malla.jpg)
নগাঁও-হোজাইৰ মেধাৱী শিক্ষাৰ্থীক প্ৰদান আনন্দ ৰাম বৰুৱা বঁটা...
ডিজিটেল সংবাদ নগাঁও: আজি নগাঁৱৰ জিলা পুথিভঁৰালত নগাঁও আৰু হোজাই জিলাৰ শিক্ষা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত নগাঁও আৰু হোজাই জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে "আনন্দৰাম বৰুৱা বঁটা'' প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হয় । এই বঁটা প্ৰদান অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ ভাষণত বৰ্তমান চৰকাৰখনে শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে, এই পদক্ষেপসমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল শৈক্ষিক দিশত যথেষ্ট উপকৃত হৈছে।
তেওঁ লগতে উল্লেখ কৰে যে, এটা সৱল শৈক্ষিক পৰিৱেশ গঢ় দিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু শিক্ষাগুৰুসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজন । উল্লেখযোগ্য যে, ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত নগাঁও জিলাৰ ১৫৭২ গৰাকী আৰু হোজাই জিলাৰ ৫৮৬ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক এই বর্ষত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হৈছে ।
এই বঁটাত ১৫,০০০ টকাকৈ আছে। এই ধনৰাশি ছাত্ৰ-ছাত্ৰীসকলৰ নিৰ্দিষ্ট বেংক একাউণ্টযোগে (DBT) প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে । আজিৰ এই অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৪ গৰাকী শিক্ষাৰ্থীক মুখ্য অতিথিয়ে বঁটা প্ৰদান কৰে ।
উক্ত অনুষ্ঠানতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা কেন্দ্ৰীয় অনুষ্ঠানটিৰ পোনপতীয়া সম্প্ৰচাৰ কৰা হয়।আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।
আজিৰ এই সভাত নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাস, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা, অতিৰিক্ত আয়ুক্ত (শিক্ষা) নগাঁও লক্ষ্য জ্যোতি দাস, নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, বিশিষ্ট সমাজকৰ্মী বাবুল বৰাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে ।
It gives me immense pleasure to be present at the central celebration of Anundoram Borooah Award, 2023 for Nagaon and Hojai Districts. This scheme is planned for motivating and inspiring the students for better performance and to have firsthand experience with Information and… pic.twitter.com/S1rcU8RxBR
— Jayanta Mallabaruah (@jayanta_malla) November 29, 2023
Also Read: ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসম পেভিলীয়ৰ দ্বিতীয় স্থান অৰ্জন...