ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসম পেভিলীয়ৰ দ্বিতীয় স্থান অৰ্জন...

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসম পেভিলীয়ৰ দ্বিতীয় স্থান অৰ্জন...

author-image
Asomiya Pratidin
New Update
ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসম পেভিলীয়ৰ দ্বিতীয় স্থান অৰ্জন...

ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসম পেভিলীয়ৰ দ্বিতীয় স্থান অৰ্জন...

ডিজিটেল ডেস্কঃ দিল্লীৰ প্ৰগতি ময়দানত ১৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ অনুষ্ঠিত হৈ যোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অসম পেভিলীয়নে ৰাজ্য আৰু কেন্দ্ৰিয় শাসিত শ্ৰেণীত দ্বিতীয় শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। বাণিজ্য মেলাখনৰ অন্তিমটো দিনত আছাম পেভিলীয়নৰ অধ্যক্ষ শান্তনু দেউৰীয়ে অসমৰ হৈ আই টি পি অ'ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক প্ৰদীপ সিং খাৰুলাৰ পৰা বঁটা গ্ৰহণ কৰে।

Advertisment

এই বাণিজ্য মেলাত উৰিষ্যাই প্ৰথম আৰু ৰাজস্থানে তৃতীয় স্থান লাভ কৰে। উল্লেখ্য, এইবাৰ এই বাণিজ্য মেলাৰ বিষয় আছিল বসুধৈব কুটুম্বকম। ইয়াৰ জৰিয়তে বাণিজ্যৰ আন্তঃসম্পৰ্ক আৰু সহযোগিতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

মুঠ ১৩ খন দেশৰ প্রতিনিধিয়ে এই মেলাত নিজৰ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰে। কেৰালা আৰু বিহাৰক এই বাণিজ্য মেলাৰ অংশীদাৰ ৰাজ্য হিচাপে লোৱাৰ উপৰিও দিল্লী, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশক কেন্দ্ৰীভূত ৰাজ্য হিচাপে লোৱা হৈছিল।

ইফালে এই বাণিজ্য মেলাত শিল্পকলাৰ জৰিয়তে উজলি উঠে পূব যোৰহাটৰ কাকজান কমাৰখাটোৱালৰ উদ্যোগী যুৱক অবিনাশ হাজৰিকা। তেওঁ এই বাণিজ্য মেলাত শ্রেষ্ঠতাৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয়।

বানবিধ্বস্ত অঞ্চলৰ এটা আর্থিকভাৱে পিচপৰা পৰিয়ালৰ সন্তান অবিনাশে কঠোৰ সংগ্ৰাম কৰি আর্থিক দৈন্যকো নেওচি কুটীৰ শিল্পৰ সাধনাত ব্ৰতী হৈ নিজৰ লগতে আন দহজনক সংস্থাপনৰ বাট দেখুৱাইছে।

অবিনাশৰ নিজা প্রতিষ্ঠান 'পাঞ্চজন্য কুটীৰ উদ্যোগে' শ্রেষ্ঠতাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। অসমৰ বিভিন্ন জিলাৰ মুঠ ৩৫ খন বিপণীয়ে এই মেলাত অংশগ্ৰহণ কৰাৰ উপৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ হেজাৰোধিক লঘু উদ্যোগে অংশগ্রহণ কৰে।

মেলাৰ সামৰণি দিনটোতে পাঞ্চজন্যৰ স্বত্বাধিকাৰী অবিনাশ হাজৰিকাক এম এছ এম ই (ক্ষুদ্র আৰু মজলীয়া উদ্যোগ মন্ত্ৰ্যালয়)ৰ তৰফৰ পৰা বঁটা প্রদান কৰা হয়। অবিনাশ হাজৰিকাই 'পাঞ্চজন্য কুটীৰ উদ্যোগ'ৰ দ্বাৰা পেলনীয়া সামগ্ৰীৰ পৰা নিৰ্মাণ কৰা বিভিন্ন আহিলা, নাৰিকলৰ কোটোৰাৰ পৰা নিৰ্মাণ কৰা বাদ্যযন্ত্রই যথেষ্ট সমাদৰ লাভ কৰে জানিব পৰা গৈছে।

অবিনাশ হাজৰিকাই নিৰ্মাণ কৰা সামগ্রী ইতিমধ্যে ফ্রান্সলৈও বিক্রী হৈছে। উল্লেখ্য, অসম পেভিলীয়নে অসমৰ চহকী সংস্কৃতি, ঐতিহ্য, হস্ত তাঁত শিল্পী প্ৰদৰ্শন কৰে। যিয়ে বাণিজ্য মেলাখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াত অসম চৰকাৰৰ ডি আই পি আৰ, পৰ্যটন, নেডফি, এ আই ডি চি, এ জি এম চি, ৩০ টাকৈ এম এছ এম ই গোট আৰু ২ টাকৈ ষ্টাৰ্ট-আপে অংশগ্ৰহণ কৰে।

Also Read: বিদ্ৰোহীৰ আক্ৰমণত ধ্বংস শিবিৰঃ প্ৰাণৰ মমতাত ম্যানমাৰ পৰা মিজোৰামত প্ৰৱেশ ৩০ বাৰ্মিজ সেনাৰ...

আই আই টি এফ নতুন দিল্লী