ভাৰত-বাংলাদেশ সীমান্তৰ ৰাইজৰ কাষত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী

ভাৰত-বাংলাদেশ সীমান্তৰ ৰাইজৰ কাষত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী
ভাৰত-বাংলাদেশ সীমান্তৰ ৰাইজৰ কাষত জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী

ডিজিটেল সংবাদ, ধুবুৰীঃ চৰকাৰৰ নিৰ্দেশমৰ্মে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চললৈ গৈ মঙলবাৰে ধুবুৰী জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে ৰাইজৰ মাজত বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ সৈতে মতবিনিময় কৰে। লগতে ৰাইজৰ সৈতে তেওঁলোকৰ সমস্যা আৰু অসুবিধা সন্দৰ্ভত আলোচনা কৰে ৷

জিলা উপায়ুক্ত দিবাকৰ নাথ গোলকগঞ্জ উন্নয়ণ খণ্ডৰ অধীনৰ লক্ষীমাৰি গাঁও পঞ্চায়ত এলেকাত উপস্থিত হৈ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ কাষতে থকা এঘৰৰ চোতালত স্থানীয় ৰাইজৰ সৈতে এখন সভা অনুষ্ঠিত কৰে ৷ তেওঁ ৰাইজক সকলোৱে ৰেচন কাৰ্ড লাভ কৰিছে নে, জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে নল সংযোগ হৈছে নে, সকলোৰে গৃহত বিদ্যৎ সংযোগ আৰু ৰন্ধন গেছৰ সংযোগ আছেনে, কেনে ধৰণৰ খেতি কৰে, উৎপাদিত ধান চৰকাৰে নিৰ্ধাৰণ কৰা নিম্নতম সমৰ্থন মূল্যত বিক্ৰী কৰিব পাৰিছে নে, অংগনবাড়ী কেন্দ্ৰৰ অৱস্থা, গাঁও পঞ্চায়তটোত শিক্ষাৰ সুবিধা, শিশুৰ বাবে খেলা ধূলাৰ সুবিধা আছে নে নাই, বাল্য বিবাহৰ প্ৰচলন আছে নেকি, ধপাত সেৱন কৰে নেকি আদি বিভিন্ন বিষয়ত প্ৰশ্ন সোধে ৷

তেওঁ ৰাইজক নিজৰ সন্তানক বিদ্যালয়ত নামভৰ্তি কৰাবলৈ আৰু আধাতে যাতে সন্তানে বিদ্যালয়লৈ যোৱা বন্ধ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায় ৷ পোহনীয়া গৰুক পশুপালন বিভাগে দিয়া টেগ লগাবলৈও জিলা উপায়ুক্তগৰাকীয়ে ৰাইজক কয় ৷ সভাত স্থানীয় ৰাইজে বাট-পথৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰ বিষয়ে উপায়ুক্তগৰাকীক অৱগত কৰে আৰু তেখেতে ৰাইজৰ সমস্যা সমাধানৰ বাবে পৰ্যায়ক্ৰমে ব্যৱস্থা লোৱা হ'ব বুলি জনায়৷ সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ কাষেৰে যোৱা পথৰ বিকল্প হিচাপে এটা পথৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ ৰাইজে আহ্বান জনায় ৷

এইক্ষেত্ৰত বাধা হৈ থকা তোৰ্ষা নৈৰ ওপৰত থকা এখন ভঙা দলং জিলা উপায়ুক্তগৰাকীয়ে পৰিদৰ্শন কৰে৷ সভাত গোলকগঞ্জৰ খণ্ড উন্নয়ণ বিয়য়া, লক্ষীমাৰি পঞ্চায়তৰ সভাপতি-সম্পাদক প্ৰমুখ্যে শতাধিক ৰাইজ উপস্থিত থাকে ৷ একেদৰে জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসে গৌৰীপুৰ উন্নয়ণ খণ্ডৰ অধীনৰ গাছপাৰ গাঁও পঞ্চায়তত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামীয়ে আগমণি উন্নয়ণ খণ্ডৰ অধীনৰ গাঁৱত, অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীয়ে আগমণি উন্নয়ণ খণ্ডৰ ছেৰনগৰ গাঁও পঞ্চায়তত, অতিৰিক্ত উপায়ুক্ত দৰ্শনা চেতিয়াই গৌৰীপুৰ উন্নয়ণ খণ্ডৰ ধৰ্মশালাত সীমান্তবাসী ৰাইজৰ সৈতে মত বিনিময় কৰে ৷ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলেও সীমান্তৰ গাঁৱলৈ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in