/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/fd78745f-0156-414d-b0da-b75aadead76b/AP_FOR_WEB_aminul_.jpg)
ডিজিটেল সংবাদঃ সাংসদ প্রদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ তুলি নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে বিধায়ক তথা লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আমিনুল ইছলামে।বিজেপি আৰু এ আই ইউ ডি এফে একেখন হেলিকপ্তাৰ ব্যৱহাৰ কৰা বুলি প্রদ্যুৎ বৰদলৈয়ে কৰা অভিযোগক খণ্ডন কৰে বিধায়কগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/be1395fd-5c6a-4252-9802-ded71b8d8071/watermark_.jpg)
প্রদ্যুৎ বৰদলৈৰ এনে কথাক ভিত্তিহীন আখ্যা দিয়ে। প্রদ্যুৎ বৰদলৈ নিজেই বিজেপিৰ এজেণ্ট লগতে মুখ্যমন্ত্ৰীৰ সোঁ হাতৰ প্ৰাৰ্থী সুৰেশ বৰা আৰু বাঁওহাতৰ প্ৰাৰ্থী প্রদ্যুৎ বৰদলৈ বুলিও ক্ষোভ উজাৰে নগাঁও লোকসভাৰ প্ৰাৰ্থীগৰাকীয়ে। এনে ষড়যন্ত্ৰৰ বাবেই অভিযোগ দাখিলৰ কথা প্ৰকাশ কৰে আমিনুল ইছলামে।
Also Read: অভিনেত্ৰী তামান্না ভাটিয়ালৈ চাইবাৰ চেলৰ চমন