কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সমিতি গঠন

কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সমিতি গঠন

ডিজিটেল সংবাদ : নগাঁও জিলাৰ কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৫সংখ্যক বৰ্ষ উপলক্ষে আগন্তক ২২,২৩ মাৰ্চ ২০২৫ত অনুষ্ঠিত কৰা হ'ব ছাত্ৰ-ছাত্ৰী সমাৰোহ। এই উপলক্ষে বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত দেওবাৰে এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

জীতেন্দ্ৰনাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপ সমিতি গঠন, বাজেট প্ৰস্তুত আৰু কাৰ্যপন্থা অৱলোকন সন্দৰ্ভত আলচোনা কৰা হয়। সভাত খাদ্য সমিতিত ৰঞ্জিত বৰুৱাক সভাপতি আৰু সঞ্জীৱ আমচঙক সম্পাদক,সাংস্কৃতিক সমিতিত ৰিংকু বৰাক সভাপতি আৰু মিন্টু বৰদলৈক সম্পাদক, প্ৰচাৰ সমিতিত শান্তনু কুমাৰ শৰ্মাক সভাপতি আৰু কমলেশ্বৰ কাশ্যপক সম্পাদক হিচাপে মনোনীত কৰা হয়।

আনহাতে মঞ্চ সমিতিত সভাপতি কনক স্বৰ্গীয়াৰী আৰু প্ৰাঞ্জল দাসক সম্পাদক হিচাপেলৈ উপ সমিতিখন গঠন কৰা হয়। উল্লেখযোগ্য যে মূল সমিতিৰ সভাপতি জীতেন্দ্ৰনাথ হাজৰিকা, সম্পাদক ভোগেশ্বৰ বৰুৱা, সহকাৰী সম্পাদক অভিষেখ সোম, মদন বৰকে আদি কৰি বহু গণ্য মান্য ব্যক্তিসকলক লৈ এখনি পূৰ্ণাংগ সমিতি গঠন কৰা হয় বুলি সভাত উল্লেখ কৰে।

কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সমিতি গঠন
ৰহাত বান খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in