/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/38425322-5482-40f4-b6b0-36da20895f15/kaliabor_25.jpg)
প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰে জীপাল হ’ল কুঁৱৰীটোল উঃ মাঃ বিদ্যালয়ৰ মহাৰজত জয়ন্তীস্থলী...
ডিজিটেল সংবাদ কলিয়াবৰঃ অযুত সপোন আৰু আশাৰে শিক্ষানুৰাগী আৰু সমাজ হিতৈষী ৰাইজে ১৯৪৭ চনত স্বাধীনতাৰ প্ৰাক-মুহূৰ্তত ঐতিহ্যমণ্ডিত কলিয়াবৰৰ মধ্যস্থল কুঁৱৰীটোলত স্থাপন কৰা কুঁৱৰীটোল উচ্চ মাধ্যমিক বিদ্যালয় তথা ২০২১ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা অগ্ৰণী শিক্ষানুষ্ঠানখনৰ মহাৰজত জয়ন্তীৰ শনিবাৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী ৰূপে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰে গৰিমামণ্ডিত শিক্ষানুষ্ঠানখনৰ চৌহদত উখল-মাখল পৰিবেশৰ সৃষ্টি হয় ৷ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি অসমৰ ভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা কেইবা হাজাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আজি কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত উপস্থিত হৈ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয়।
প্ৰাক্তন ছাত্ৰ ক্ৰমে সমাজকৰ্মী তথা যুৱ নেতা মনি মাধৱ মহন্ত,নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকা, সাংবাদিক তপন শইকীয়া, পল্লৱ প্ৰাণ গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অতীতৰ বহু কথা সুঁৱৰি স্মৃতিকাতৰ হৈ পৰে ৷ একালৰ সহপাঠীসকলক কাষতে পাই দৰাচলতে উৎফুল্লিত হৈ পৰা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে হাফপেন্ট পিন্ধি খালী ভৰিৰে বিদ্যালয়লৈ যোৱা,শুকুৰবাৰে এঘন্টীয়া জিৰণি সময়ত বিদ্যালয়ৰ পৰা গৈ মাধৱ গাঁৱৰ পথাৰত কুঁহিয়াৰ চুৰি কৰি খোৱা, কেনেদৰে সহপাঠীয়ে প্ৰধান শিক্ষকৰ স্বাক্ষৰ অবিকল নকল কৰি বিদ্যালয় ছুটি দিয়া আদি ৰসাল বাৰ্তালাপাৰে অনুষ্ঠানটি জীপাল কৰি তোলে ৷
অনুষ্ঠানটোত বিশিষ্ট ব্যক্তিৰ ভাষণত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানকোঠৰ মুখ্য বিষয়া উৎপল বাদল বৰুৱাই কয়, বিমানকোঠে এটা অঞ্চলৰ ভৌগলিক পৰিসীমাৰ উন্নয়নৰ লগতে অৰ্থনীতি সলনি কৰি তোলে ৷ গুৱাহাটী বিমানকোঠেও ৰাজ্যৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷
“সেই সময় সোনালী সময়...এই সময় শ্ৰেষ্ঠ সময়” শীৰ্ষক বাৰ্তাৰে প্ৰায় তিনি সহস্ৰাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আৰম্ভ হোৱা সন্মিলনীখনিত কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষদ্বয় ক্ৰমে ধীৰেন্দ্ৰ নাথ হাজৰিকা আৰু নৰেন্দ্ৰ কুমাৰ হাজৰিকা,অধ্যাপক প্ৰশান্ত শইকীয়া, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া কৰুণা নাথ, চিকিৎসকদ্বয় ক্ৰমে বিৰিঞ্চি বৰা আৰু হেমন্ত কুমাৰ গোস্বামী,আই আই টিৰ অধ্যাপক ড০ দেবাশিষ বৰা, অসামৰিক বিষয়া ৰাজীব থাপা, প্ৰাক্তন প্ৰধান শিক্ষক হেম মুক্তিয়াৰ প্ৰমুখ্যে প্ৰায় সংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানখনৰ ছাত্ৰৱস্থাৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ৷ অনুষ্ঠানটোত সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে বিদ্যালয়ৰ তৰফৰ পৰা একোটিকৈ স্মাৰক আৰু স্মৃতিগ্ৰন্থ প্ৰদানৰে আদৰনি জনোৱা হয় ৷
Also Read: কৃষ্ণাইত দুই ফৈদৰ মাজত সংঘৰ্ষঃ আৰক্ষীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰিত...