কৃষ্ণাইত দুই ফৈদৰ মাজত সংঘৰ্ষঃ আৰক্ষীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰিত...

কৃষ্ণাইত দুই ফৈদৰ মাজত সংঘৰ্ষঃ আৰক্ষীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰিত...

author-image
Asomiya Pratidin
New Update
কৃষ্ণাইত দুই ফৈদৰ মাজত সংঘৰ্ষঃ আৰক্ষীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰিত...

কৃষ্ণাইত দুই ফৈদৰ মাজত সংঘৰ্ষঃ আৰক্ষীৰ উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰিত...

ডিজিটেল সংবাদ কৃষ্ণাই: গোৱালপাৰা জিলাৰ কৃষ্ণাই বজাৰৰ মাজমজিয়াত আজি সন্ধিয়া ৭.৩০ বজাত দুই ফৈদৰ মাজত সংঘাতপ সূত্ৰপাত হয়। এই সংঘাতৰ আঁৰৰ কাৰণ একাংশ সংবাদ মাধ্যমত প্ৰকাশিত এটা বাতৰি।

Advertisment

দুই ফৈদৰ এই সংঘাতৰ ফলত বজাৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। ফলত স্থানীয় আৰক্ষীয়ে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীৰ উপস্থিতিত দুয়োটা ফৈদে সেই স্থানৰ পৰা ছত্ৰভংগ দিয়ে।

সংঘাতত লিপ্ত হোৱা লোকসকলৰ এটা ফৈদ আছিল কৃষ্ণাই ব্লক কংগ্ৰেছৰ সম্পাদক ৰছুল আল ফাৰুকৰ আকু আনটো ফৈদ আছিল অসম কংগ্ৰেছ কমিটীৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মেহদী আলম।

উল্লেখ্য যে, কেইদিন মানৰ পূৰ্বে মেহদী আলমে সংবাদ মাধ্যমৰ সন্মুখত ৰছুল আল ফাৰুকৰ পৰিয়ালৰ নামত এছ বি আইৰ চাৰিটাকৈ চি এছ পি কেন্দ্ৰ লৈ একেটা ঠাইতে স্থাপন কৰি পৰিচালনা কৰাৰ লগতে আন কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ ফলশ্ৰুতিত আজি এই সংঘাতৰ সৃষ্টি হয়।

Also Read: সংবিধান দিৱসৰ প্ৰাকক্ষণত জে ডি এছ জি মহাবিদ্যালয়ৰ অনুষ্ঠানত বিশেষ অনুষ্ঠান...

কৃষ্ণাই