/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/c1ffc251-6a5a-47b2-b3d2-54b7e9f12a7f/Rangolu.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ৰাঙলুত ভেঁকুভাওনাত পৰিণত হৈছে বঢ়মপুৰ সমষ্টিৰ বিধায়ক আৰু নগাঁৱৰ সাংসদৰ আশ্বাস। প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাত ৰাঙলুৰ ৰাইজৰ ক্ষোভিত হৈ পৰিছে ঠিকাদাৰ পংকজ লস্কৰৰ ওপৰত।
জানিব পৰা মতে, যোৱা ৩১ মেত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে শুভাৰম্ভণি কৰা ৰাঙলু ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ননৈ গোসাঁই খাটলৈ ৫ কিলোমিটাৰ পথ বাৰিষাৰ আগতে নিৰ্মাণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজিলৈ আধা কামো হৈ উঠা নাই বুলি ৰাইজৰ অভিযোগ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/01316ff2-590b-41a7-9f29-95997820ea0f/Screenshot__271_.png)
ইফালে ৰাঙলু বজাৰ এলেকাৰ নলাবোৰৰ কাম অসম্পূৰ্ণ হোৱা আৰু ওপৰ অংশ ঢাকি নিদিয়াৰ বাবে পথত বোকা পানীৰে যানবাহনৰ লগতে যাতায়ত প্ৰায় বন্ধ হৈ পৰে। কালভাৰ্টবোৰৰ কামো অতি লেহেম গতিৰে নিৰ্মাণ কৰাত বহু অসুবিধাৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে অনতিপলমে পথটো নিৰ্মাণ কৰি বাৰিষাৰ আগতে মুকলি কৰিবলৈ দাবী জনাইছে।
Also Read: হাটিচোং মহাবিদ্যালয়লৈ 'নাক'ৰ B++ গ্ৰেড...