নগাঁওত সদৌ অসম সত্ৰ মহাসভাৰ অভিৱৰ্তন

সত্ৰীয়া সংস্কৃতিৰ প্ৰতি একাংশ জনসাধাৰণৰ মোহভংগ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰ মহাসভাই সাংগঠনিক স্থিতি সবল কৰাৰ উদ্দেশ্যে সত্ৰ মহাসভাৰ বিভিন্ন ভাতৃ-ভগ্নী সংগঠন গঠন
নগাঁওত সদৌ অসম সত্ৰ মহাসভাৰ অভিৱৰ্তন

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও আৱৰ্ত্ত ভৱনত শুকুৰবাৰে সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন আই কনকলতা মহিলা তীৰ্থৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয় ৷ অসমত সত্ৰীয়া সংস্কৃতিৰ প্ৰতি একাংশ জনসাধাৰণৰ মোহভংগ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰ মহাসভাই সাংগঠনিক স্থিতি সবল কৰাৰ উদ্দেশ্যে সত্ৰ মহাসভাৰ বিভিন্ন ভাতৃ-ভগ্নী সংগঠন গঠন প্ৰক্ৰিয়া অব্যাহত আছে।

জানিবলৈ দিয়া অনুসৰি আজি নগাঁৱত সদৌ অসম সত্ৰ মহাসভাৰ ভগ্নী সংগঠন আই কনকলতা মহিলা তীৰ্থ গঠন কৰাৰ হেতুকে এখন অভিৱৰ্তন অনুষ্ঠিত হয় ৷ উক্ত সভাতে এখন ৫১ জনীয়া সমিতি গঠন কৰা হয় ৷

সভাত অংশগ্ৰহণ কৰি সদৌ অসম সত্ৰ মহাসভাৰ সভাপতি মাজুলীৰ গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ দেৱগোস্বামী,প্ৰধান সম্পাদক শ্ৰীশ্ৰী জগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে কয় যে,সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি,আদৰ্শ, আধ্যাত্মিক দৰ্শন আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত পুৰুষৰ সমানেই মহিলা সকলৰ দায়িত্ব আৰু কৰ্তব্য অনস্বীকাৰ্য ।

সভাত সদৌ অসম সত্ৰ মহাসভাৰ কাৰ্যকৰী সভাপতি সত্ৰাধিকাৰ ডঃ সুনীল কুমাৰ গোস্বামী,উপ সভাপতি তথা হোজাই জিলাৰ সভাপতি ৰামচন্দ্ৰ গোস্বামী,উপ সভাপতি তথা শ্ৰীশ্ৰী ব্ৰহ্মচাৰী সত্ৰৰ সত্ৰাধিকাৰ শৈলেন্দ্ৰ গোস্বামী, সম্পাদক তথা শ্ৰীশ্ৰী তামোলবাৰী সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য কুমাৰ গোস্বামীকে প্ৰমূখ্য কৰি অসমৰ বিভিন্ন জিলাৰ পৰা অহা বহু মহিলা উপস্থিত থাকে ৷

সভাত লক্ষীমপুৰৰ ডঃ মন্দিৰা শৰ্মাক সভানেত্ৰী,তেজপুৰৰ ডলী গোস্বামীক কাৰ্যকৰী সভানেত্ৰী,ডঃ অমিয়া পাটৰক সাধাৰণ সম্পাদিকা হিচাবে লৈ আই কনকলতা মহিলা তীৰ্থৰ ৩১ জনীয়া কেন্দ্ৰীয় সমিতিখন গঠন কৰাৰ লগতে অমিয়া গোস্বামীক সভানেত্ৰী,বিভা মহন্তক কাৰ্যকৰী সভানেত্ৰী আৰু দেৱযানী শৰ্মা পাঠকক সম্পাদিকা হিচাবে লৈ ৩১ জনীয়া নগাঁও জিলা সমিতিখনো গঠন কৰা হয় বুলি জানিবলৈ দিয়ে।

নগাঁওত সদৌ অসম সত্ৰ মহাসভাৰ অভিৱৰ্তন
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে "পৰিষ্কাৰ খুমটাই" প্ৰতিযোগিতাৰ ফলাফল

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in