ঢকুৱাখানা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

এই সন্দৰ্ভত উপ জিলা আয়ুক্তৰ সভাগৃহত অনুষ্ঠিত সাংবাদিক মেলত উপ আয়ুক্ত কলিতাৰ লগতে নিৰ্বাচনী বিষয়া পাৰ্থ প্ৰতীম বৰুৱা উপস্থিত থাকে।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখানা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টি (অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত)ৰ চূড়ান্ত ভোটাৰ তালিকা বৃহস্পতিবাৰে প্ৰকাশ কৰা হৈছে। ঢকুৱাখনা উপ জিলাৰ উপ আয়ুক্ত কাৰ্ত্তিক কলিতাই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে এই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰে। এই সন্দৰ্ভত উপ জিলা আয়ুক্তৰ সভাগৃহত অনুষ্ঠিত সাংবাদিক মেলত উপ আয়ুক্ত কলিতাৰ লগতে নিৰ্বাচনী বিষয়া পাৰ্থ প্ৰতীম বৰুৱা উপস্থিত থাকে।

Advertisment

সদ্য প্ৰকাশিত সমষ্টিটোৰ চূড়ান্ত ভোটাৰ তালিকা অনুসৰি সমষ্টিটোৰ মুঠ ভোটাৰৰ সংখ্যা হ'ল ১ লাখ ৬০ হাজাৰ ৪৫৭ গৰাকী । ইয়াৰে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা ৮০ হাজাৰ ৭৯৫ গৰাকী । মুঠ মহিলা ভোটাৰৰ সংখ্যা হ'ল ৭৯ হাজাৰ ৬৯২ গৰাকী  । ইয়াৰে চাৰ্ভিছ ভোটাৰৰ সংখ্যা হ'ল ৪০৯ গৰাকী। চূড়ান্ত ভোটাৰ তালিকা অনুসৰি পূৰ্বতকৈ ৩৮ টা ভোট  বৃদ্ধি পালে। মুঠ ১৯৮ টা ভোট কেন্দ্ৰ বিশিষ্ট সমষ্টিটোৰ  নতুন ভোটাৰ সংযোগ  হল ৪ হাজাৰ ৩৭৮ গৰাকী ।

এই  সংশোধনী প্ৰক্ৰিয়া মতে ১ হাজাৰ ১৮৩ টা ভোট শুধৰণি কৰা হয় । উপ জিলা আয়ুক্ত আৰু মহকুমা নিৰ্বাচনী বিষয়াই জনোৱা মতে ভোটাৰৰ কিবা সংযোজন থাকিলে সংশ্লিষ্ট বি এল অ অথবা  ভোটাৰ এপ যোগে নাম অন্তৰ্ভূক্তি কৰিব পাৰিব। সমষ্টিটোৰ সকলো ৰাজনৈতিক দলক এই প্ৰক্ৰিয়াটোৰ সৈতে সক্ৰিয় ভাবে সহযোহিতা কৰাৰ আহ্বান জনায়।

Also Read: জনতা ভৱনত নাৰী নিৰ্যাতনৰ ঘটনা

lakhimpur dhakuakhana voter list