কাঠাৰিয়ালৈ ইমান দৰদ কিয় হাউচ ফেডৰ?তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে...

কাঠাৰিয়ালৈ ইমান দৰদ কিয় হাউচ ফেডৰ?তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে...
কাঠাৰিয়ালৈ ইমান দৰদ কিয় হাউচ ফেডৰ?তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে...

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ থানা আৰু বেৰেক নিৰ্মাণৰ বাবে মৈত্ৰী আঁচনিৰ অধীনত আজিৰ পৰা প্ৰায় ৪ বছৰৰ পূৰ্বেই আৱণ্টন দিয়া কাম সম্পূৰ্ণ হৈ নুঠাৰ পাছতো ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰহস্যজনক ভাৱে গ্ৰহণ কৰা নাই ব্যৱস্থা। উল্লেখ্যযোগ্য যে, এই আঁচনিৰ অধীনত ১০০ টা আৰক্ষীৰ বেৰেক আৰু ইয়াৰ সৈতে সংলগ্ন ৰান্ধনী ঘৰ, ডাইনিং হল নিৰ্মাণৰ বাবে দায়িত্ব দিয়া হৈছিল হাউচ ফেডক।

হাউচ ফেডৰ জৰিয়তে এই আঁচনিৰ অধীনত ১০০ টা আৰক্ষী বেৰেক আৰু খানাপাৰা আৰক্ষীৰ ট্ৰেঞ্জিত কেম্প নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ফৰ্ণ্টিয়াৰ ছেলছ কৰ্পোৰেশ্যন নামৰ ঠিকা প্ৰতিষ্ঠানটোৱে। এই ঠিকাৰ বাবে অনুমোদন জনোৱা গৃহ বিভাগৰ এপ্ৰ'ভেল নম্বৰ আছিল AA/POL-2019-20-(I)435 ।

ইয়াৰ বাবে আৱণ্টন কৰা হৈছিল ২৬২৪৯.১৮ লাখ টকা। অৰ্থাত ২৬২ কোটিৰো অধিক ধন এই বৰেক নিৰ্মাণৰ বাবে আৱণ্টন দি নিৰ্দিষ্ট সময়ত সেই কাম সম্পূৰ্ণ কৰিবলৈ চৰ্ত বান্ধি দিয়া হৈছিল।

১৩ মাৰ্চ ২০২০ ত পুৱা ১০ বজাত অনুষ্ঠিত হোৱা ডি এফ চি সভাত সেই কামৰ আৱণ্টন দিছিল যদিও সুনীল কাঠাৰিয়াৰ মালিকানাধীন এই ঠিকা প্ৰতিষ্ঠানে সময়মতে সেই কাম সম্পূৰ্ণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। চৰকাৰী নিয়ম অনুসৰি বেৰেক সমূহৰ কাম সময়মতেই নিৰ্মাণ হ'ব লাগে যদিও বহু স্থানত সেই কাম ৩০ ৰ পৰা ৪০ শতাংশই সম্পূৰ্ণ হোৱা নাই।

উল্লেখযোগ্য যে, বেৰেকৰ মূল বিল্ডিংটো জি+১ আৰু প্লেইন এৰিয়া ১৮.৪ মিটাৰ x ১৩,৮ মিটাৰ হ'ব লাগে। তেতিয়াৰ অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক (এম পি চি)নিতুল গগৈয়ে হাউচ ফেডৰ পৰিচালন সঞ্চালকলৈ এখন চিঠি দি মৈত্ৰী আঁচনিৰ অধীনত এই কাম কৰাবলৈ অনুমোদন দিছিল।

২৪ মাৰ্চ ২০২০ ত লেখা সেই পত্ৰৰ নম্বৰ আছিল S-VI/229/2018-PT/32। সেই পত্ৰত উল্লেখ কৰা হৈছিল যে এই বেৰেক সমূহত থাকিব চিভিল ৱৰ্কচ, বাইঅ' ডাইজেষ্টাৰ টেংক, আইৰন ৰিমভেল প্লাণ্ট, পি ইঞ্জিনীয়াৰ ষ্টিল বিল্ডিং ষ্ট্ৰাকচাৰ, ৰেই ৱাটাৰ হাৰ্ভেষ্টিং, ডাইনিং হলৰ বাবে ইণ্টেৰিঅ' ষ্ট্ৰাকচাৰ, ইলেক্ট্ৰিকেল ৱৰ্কছ আদি।

এই কামৰ পৰিদৰ্শন হাউচ ফেডৰ প্ৰজেণ্ট ইঞ্জিনীয়াৰৰ জৰিয়তে নিয়মীয়াকৈ কৰোৱা, সময়ে সময়ে কামৰ অগ্ৰগতি জনাই থকা আৰু কামৰ শেষত সেয়া সংশ্লিষ্ট আৰক্ষী বিষয়াসমূহক হস্তান্তৰ কৰা আদি বহু চৰ্ত বান্ধি দিয়া হৈছিল। খানাপাৰাত নিৰ্মাণ হ'বলগীয়া ট্ৰেঞ্জিত কেম্প প্ৰকল্পৰো কথা নিৰ্দিষ্টকৈ উল্লেখ আছিল ইয়াত।

জিলা পৰ্যায়ত ১০০ টা PEB/PREFAB হাইব্ৰিড পুলিচ বেৰেক নিৰ্মাণৰ বাবে প্ৰতিটো বেৰেকৰ বাবে ধাৰ্য কৰা হৈছিল ২৬২৪৯১৮৮.০০ লাখ টকাকৈ। প্ৰায় ২. ৬ কোটিকৈ আৱণ্টন দিয়া হৈছিল এই বেৰেকবোৰ নিৰ্মাণ কৰিবলৈ।

কামৰূপ মেট্ৰ'ত ৭ টা বেৰেকৰ বাবে ১৮৩৭৪৪৩১৬.০০ লাখ টকা, ডিব্ৰুগড় চাৰিটা বেৰেকৰ বাবে ১০৪৯৯৬৭৫২.০০ কোটি টকা, নগাঁৱত ৩ টা বেৰেকৰ বাবে ৭৮৭৪৭৫৬৪.০০ কোটি টকা আৱণ্টন দিছিল। এনেকৈ ৩৪ খন জিলাৰ বাবে ১০০ টা বেৰেকৰ বাবে আৱণ্টিত হৈছিল ২৬২ কোটি টকা।

কিন্তু সেই কাম যোৱা ৪ বছৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে ফ্ৰণ্টিয়াৰ ছেলছ কৰ্পোৰেশ্যনে। প্ৰায়বোৰ কামেই আধাখনিয়া হৈ থকাৰ পাছতো এই ঠিকা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এতিয়াও কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ প্ৰশ্ন উঠিছে।

এইগৰাকী ঠিকাদাৰক সমগ্ৰ মৈত্ৰীৰ অধীনৰ আৰক্ষী আধনুকিকৰণৰ নিৰ্মাণৰ ঠিকা দিবলৈ তৎপৰ হৈছিল এক চক্ৰ। সেই চক্ৰটোৱে মৈত্ৰী আঁচনিত সকলো ঠিকা হাউচ ফেডৰ জৰিয়তে এই বিতৰ্কিত ঠিকাদাৰ জনৰ দ্বাৰাই কৰাবলৈ ব্লুপ্ৰিণ্টো ৰচনা কৰিছিল।

কিন্তু অসম আৰক্ষীৰ সেই সময়ৰ উৰ্ধতম কৰ্তৃপক্ষৰ বাবে সেই কাম সম্ভৱ কৰিব নোৱাৰিলে কাঠাৰিয়া বাহিনীয়ে। অতি লেহেম গতিত এই কাম কৰিও নিয়মিত ভাৱে কাঠাৰিয়াই কামৰ বাবদ আৱণ্টিত ধন উলিয়াও নিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে, মৈত্ৰী আঁচনিৰ অধীনত সাধাৰণতে ১২ মাহৰ সময়হে দিয়া হয়। কিন্তু কাঠাৰিয়াৰ ক্ষেত্ৰত হাউচ ফেডে ৪ বছৰ পাৰ হৈ যোৱাৰ পাছতো কমিচনৰ অংকত ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফল ভোগ কৰিছে অসম আৰক্ষীৰ জোৱান, কনিষ্টবলে।

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়াই থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ অধীনুকিকৰণৰ এই আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা বেৰেক আৰু থানাবোৰৰ কাম কি পৰ্যায়ত আছে সেই তদন্ত কৰিলেই ওলাই পৰিব ইয়াৰ বিসংগিতসমূহ। ইয়াৰ উপৰিও এই ঠিকা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আছে আন বহু গুৰুতপূৰ্ণ অভিযোগ।

কাঠাৰিয়ালৈ ইমান দৰদ কিয় হাউচ ফেডৰ?তদন্ত কৰক মুখ্যমন্ত্ৰীয়ে...
GMCH আৰু AMCH ক ৫ বছৰৰ বাবে MBBS ৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি NMC ৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in