৫ লাখ চাকমা আৰু হাজাঙক সংস্থাপিত কৰা হ'ব অসমতঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ

৫ লাখ চাকমা আৰু হাজাঙক সংস্থাপিত কৰা হ'ব অসমতঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ

ডিজিটেল সংবাদ,নগাঁও : চাকমা আৰু হাজাং সকলক অসমত সংস্থাপন কৰাক লৈ সংবাদমেল যোগে অখিল গগৈৰ প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মালৈ স্থিতি স্পষ্ট কৰিবলৈ পত্ৰ প্ৰেৰণৰ কথা ৰাজহুৱা কৰে বিধায়ক অখিল গগৈয়ে ।

চাকমা আৰু হাজাং সকলক অৰুণাচলে নাগৰিকত্ব প্ৰদান নকৰি অসমত সংস্থাপিত কৰিব বিছৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে ৰাজহুৱা কৰিছে । লগতে হাজং আৰু চাকমা সকলক অসমত সংস্থাপিত কৰিবৰ বাবে অৰুণাচল চৰকাৰে অসম চৰকাৰৰ সৈতে কথা পাতিছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী জনে ।

বিধায়ক অখিল গগৈয়ে কয় যে ৫ লাখ‌ শৰণাৰ্থীক অসমত সংস্থাপিত কৰিব খোজাক লৈ বৰ্তমান অসমৰ লোক শংকিত হৈছে। সংবাদ মেলত বিধায়ক গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তিনিটা প্ৰশ্ন কৰে ।

প্ৰথম ৰিজিজুৱে অসমৰ মুখ্যমন্ত্ৰীক ৫ লাখ হাজং আৰু চাকমা শৰণাৰ্থীক অসমত সংস্থাপিত কৰিবলৈ কোৱা কথাখিনি সঁচা নে? দ্বিতীয়তে শৰণাৰ্থীক অসমতে সংস্থাপিত কৰিবৰ বাবে অমিত শ্বাহে নিৰ্দেশ দিছে নেকি অসমৰ মুখ্যমন্ত্ৰীক?

তৃতীয়তে কেন্দ্ৰ চৰকাৰে ৫ লাখ হাজং আৰু চাকমা সকলক অসমত সংস্থাপিত কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছত অসম চৰকাৰৰ স্থিতি কি?

ৰাজ্যৰ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে অসম বিদেশীৰ ডাষ্টবিন নেকি? যে যতেই‌ শৰণাৰ্থী থাকিব অসমত সংস্থাপিত কৰিব। হিমন্ত বিশ্বই নিজৰ অপৰাধৰ কেলেংকাৰী বোৰ ঢাকিবৰ বাবে কেন্দ্ৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে।

এতিয়া হিমন্ত বিশ্ব আৰু বিজেপিৰ হাতত অসমৰ মানুহৰ নিৰাপত্তা নাই। সুৰক্ষিত নহয় অসমৰ ভৱিষ্যত।অসমৰ মুখ্যমন্ত্ৰী জন আপাদভ্ৰস্ত মুখ্যমন্ত্ৰী।

লগতে কয় যে কা-ৰ জৰিয়তে যদি অসমলৈ এজনো বিদেশী আহে তেন্তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেছ হ'ব। মন্ত্ৰী পীযুষ হাজৰিকা নগাঁৱত মিঞাৰ নেতা হ'বৰ বাবে পগলা হৈ গৈছে।হঠাৎ কিয় মিঞা সকলৰ প্ৰতি গদ গদ‌ হৈ পৰিছে মুখ্যমন্ত্ৰী? হঠাৎ কিয় ইমান মিঞাপ্ৰীতি জাগিছে পীযুষ হাজৰিকাৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ সন্দৰ্ভত কয় যে হৈ যোৱা উজনি অসমৰ ৫ সমষ্টিৰ নিৰ্বাচনত বিজেপি আটাইকেইটা সমষ্টিতে হাৰিলেও আচৰিত হব লগা একো নাই।

নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ সন্দৰ্ভত অখিল গগৈয়ে কয় যে দুটা সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে নগাঁৱত এজন ধৰ্ম নিৰপেক্ষ কংগ্ৰেছ প্ৰাৰ্থী। গতিকে প্ৰদ্যুৎ বৰদলৈ জিকাটো নিশ্চিত।

৫ লাখ চাকমা আৰু হাজাঙক সংস্থাপিত কৰা হ'ব অসমতঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ অখিল গগৈৰ
বাইক নিদিয়া বাবে স্বামীয়ে প্ৰাণ ল'লে পত্নীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in