/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/d6b392e4-0962-42e8-b6f9-a1b8eae0b357/gg.jpg)
ডিজিটেল ডেস্কঃ মেৰাপানী আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া চেষ্টা কৰে স্বামীয়ে। মৃত তৰালি দাসৰ পৰিয়ালে অপৰাধীক গ্ৰেপ্তাৰৰ লগতে ন্যায় বিছাৰৰ দাবীত থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছে।
উল্লেখ্য যে মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৰতনপুৰত সংঘটিত হৈছে এই ঘটনা। বিশ্বজিৎ বসুমতাৰী নামৰ যুৱকজনে এক বছৰৰ পুৰ্বে বিয়া কৰাইছিল মেৰাপানীৰ নাৰায়নপুৰ গাঁৱৰ প্ৰদীপ দাসৰ কন্যা তৰালি দাসক।
বিয়াৰ পাছৰে পৰা বিশ্বজিৎ বসুমতাৰীয়ে যৌতুক হিচাপে এখন বাইক আৰু টকা পইছা দাবী কৰি অহা অভিযোগ তৰালি দাসৰ পৰিয়ালৰ। সোমবাৰে নিশা তৰালিয়ে আত্মহত্যা কৰা বুলি পৰিয়ালৰ লোকক খবৰ দিয়াৰ পাছতেই মাতৃগৃহত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
ঘটনাৰ সন্দৰ্ভত মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধ-পোচৰ বাবে তৰালি দাসৰ স্বামী বিশ্বজিৎ বসুমতাৰী, শহুৰ আৰু শাহুয়েকক আটক কৰিছে।
Also Read: বৰপুত্ৰৰ বিয়াৰ যোজাৰ মাজতে অগ্নিকাণ্ডঃ সকলো পুৰি চাৰখাৰ