বিজেপি আৰু RSSক কেন্দ্ৰত চৰকাৰ গঠন কৰিব দিয়া নহ'বঃঅখিল গগৈ

বিজেপি আৰু RSSক কেন্দ্ৰত চৰকাৰ গঠন কৰিব দিয়া নহ'বঃঅখিল গগৈ

ডিজিটেল সংবাদ,মায়ংঃ আৰ এছ এছ ৰ শতবৰ্ষ অনুষ্ঠান পতাৰ সময়ত ভাৰতক হিন্দু ৰাষ্ট্ৰ বনাবলৈ সকলো সাজু কৰি ৰাখিছে। হিন্দু ৰাষ্ট্ৰ হোৱাৰ লগে লগে দেশখনত অসহিষ্ণুতা আৰু হিংসা বিদ্বেষ বৃদ্ধি পাব।গতিকে বিজেপি আৰু আৰ এছ এছ ক কোনোপধ্যেই কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ দিয়া নহ'ব- এই মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

সোমবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মায়ঙৰ বুৰাবুৰীত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৫ সহস্ৰাধিক জনতাৰ সন্মুখত এইদৰে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে অখিল গগৈয়ে। তেওঁ কয় যে,যি গৰাকী অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমান মহিলা সকলক সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল,মিঞাৰ ভোট নালাগে বুলি কৈছিল,অসমৰ সকলো চোৰ ডকাইত মিঞা বুলি কৈছিল,চৰকাৰী মাটিত মিঞা দেখিলেই উচ্ছেদ চলাব লাগে সদম্ভে ঘোষণা কৰি ফুৰিছিল,সেই মুখ্যমন্ত্ৰীয়ে মুছলমানৰ ভোট বিচৰাৰ অধিকাৰ আছে জানো?" এইদৰে কেইবাটাও প্ৰশ্ন বোধক বাক্যৰে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত মায়ঙৰ বুৰাবুৰীত অনুষ্ঠিত এখন কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিৰোধী ঐক্য মঞ্চৰ মুখপাত্ৰ তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উদাত্ত কণ্ঠৰে নিৰ্বাচনী ভাষণ আগবঢ়ায়।

সভাত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানক তৃতীয় শ্ৰেণীৰ নাগৰিক সজাইছে। AIUDF আৰু বদৰুদ্দিন আজমলে জি হুজুৰ,জি হুজুৰ বুলি সন্মতি প্ৰদান কৰিছে ৷ জাগীৰোডৰ বুৰাবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ।নিৰ্বাচনী সভাখনত সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিতিৰ প্ৰচাৰ মাধ্যমৰ মুৰব্বী সুপ্ৰীয়া শ্ৰীনাতে উপস্থিত থাকি অসমৰ প্ৰত্যেকটা লোকসভা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰে ৷ সভাখনত বিধায়িকা নন্দিতা দাসৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকী কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ৷

বিজেপি আৰু RSSক কেন্দ্ৰত চৰকাৰ গঠন কৰিব দিয়া নহ'বঃঅখিল গগৈ
মাত্ৰ এখন আসনৰ কাৰণেও মহা সংকটত পৰিছে কংগ্ৰেছঃ পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in