অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদক্ষেপ : নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদক্ষেপ : নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদক্ষেপ : নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) নগাঁও জিলা সমিতিৰ তৰফৰ পৰা পশ্চিমবংগৰ সন্দেহখালীত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে ৰাষ্ট্ৰপতিলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। ছাত্ৰ সংগঠনটোৱে নগাঁও জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এই পত্ৰ প্ৰদান কৰে বুলি জানিবলৈ দিয়ে।

Advertisment

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও বিভাগ সাংগঠনিক সম্পাদক ৰাহুল নাইডু, জিলা সংযোজক কুলদীপ খাউণ্ড, নগাঁও নগৰ শাখাৰ সম্পাদক কমলকৃষ্ণ পাল, ৰাষ্ট্ৰীয় কলামঞ্চৰ সম্পাদিকা স্মিতা কলিতা, নগাঁও বিশ্ববিদ্যালয় গোটৰ যুটীয়া সম্পাদিকা হিমাশ্ৰী বৰা, গোপীনাথ দেৱ বানিজ্য মহাবিদ্যায়ৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক ৰাহুল শইকীয়া আৰু তৰ্ক সম্পাদক শংকৰ পাল সমবেত হৈ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

Also Read: দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উদ্যোগত
আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিভিন্ন ক্ষেত্ৰৰ নাৰীক সম্বৰ্দ্ধনা

abvp nagaon memorandum batadraba