উৰিয়াগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি

উৰিয়াগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি

author-image
Asomiya Pratidin
New Update
উৰিয়াগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সামৰণি

ডিজিটেল সংবাদ,উৰিয়াগাঁও : অসম জাতীয়তাবাদী যুব-ছাত্ৰ পৰিষদৰ উৰিয়াগাওঁ আঞ্চলিক সমিতিৰ উদ্যোগত ১ জুলাইৰ পৰা অনুষ্ঠিত কৰা হৈছিল গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ। নগাঁও জিলাৰ উৰিয়াগাঁৱৰ ছহিদ ভোগেশ্বৰী ফুকননী উচ্চতৰ মাধ‍্যমিক বালিকা বিদ্যালয়ত যোৱা ১জুলাইৰ পৰা অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ বৃহস্পতিবাৰে সামৰণি পৰে।

Advertisment

এই উপলক্ষে পৰিষদৰ উৰিয়াগাওঁ আঞ্চলিক সমিতিৰ সভাপতি ৰাজ হাজৰিকাৰ সভাপতিত্বত এখনি সামৰণি অনুষ্ঠান ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ উদ্বোধন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মনে।

এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি শিক্ষয়িত্ৰী টুটুমণি বৰাৰ 'বিকাশৰ আধাৰ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।

উক্ত অনুষ্ঠানত ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা মোহিনী মোহন ডেকা, শিক্ষাবিদ গুনেন্দ্র চক্ৰৱৰ্তী,সদৌ নগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি জগেশ্বৰ ৰাজখোৱা , বিদ্যালয়খনৰ অধ‍্যক্ষ উৎপল বৰা,পৰিষদৰ নগাঁও জিলাৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াকে প্ৰমুখ্যে কৰি অঞ্চলৰ কৃষ্ণৰাম বৰা,ৰত্নেশ্বৰ বণিয়া,উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰভাত বৰা আৰু ৰূপৰাম হাজৰিকা আদিকে ধৰি বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Also Read: অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ পদক্ষেপ : বনৰীয়া কাঠফুলা ভক্ষণৰ বিৰুদ্ধে সজাগতা অভিযান

ajycp nagaon uriyagaon