/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/bc459f97-abc2-4c0e-9962-83c725a61126/kathfula.jpg)
ডিজিটেল সংবাদ,যোৰহাট : বনৰীয়া কাঠফুলা ভক্ষণ কৰি ৰাজ্যৰ বিভিন্ন স্থানত মাজে সময়ে মৃত্যুৰ ঘটনা বৃদ্ধি পোৱাৰ খবৰ প্ৰায়ে পোৱা যায়। এনে সময়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ কাঠফুলা গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰই সজাগতা বৃদ্ধিৰ বাবে এলানি কাৰ্যসূচী গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/14088d4a-6095-42ef-86c5-a98aab54849f/78f44378_697f_4cc9_8577_95b86ee209fc.jpg)
জানিবলৈ দিয়া মতে এই পদক্ষেপৰ অংশ হিচাপে প্ৰথম পৰ্যায়ত বিগত এসপ্তাহত যোৰহাট জিলাৰ বিভিন্ন চাহ বাগিচা আৰু কাষৰীয়া অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰা হৈছে । বিশেষকৈ বনৰীয়া কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা ঘটনাৰ বাবে ৰাজ্য চৰকাৰে সজাগতাৰ বাবে লোৱা পদক্ষেপৰ সময়তে অসম কৃষি বিশ্ববিদ্যালয় কাঠফুলা গৱেষণা আৰু প্ৰশিক্ষণৰ কেন্দ্ৰই বিশেষভাৱে এই পদক্ষেপ হাতত লয় ।
বনৰীয়া কাঠফুলাৰ বিষক্ৰিয়া আৰু কাঠফুলাৰ বৈজ্ঞানিক খেতিৰ জৰিয়তে ইয়াৰ প্ৰতিৰোধৰ সজাগতামূলক এই কাৰ্যসূচীৰ জৰিয়তে বাগিচা অঞ্চলৰ সহজ-সৰল লোকসকলক বুজাই দিয়া হয়। সৰ্বভাৰতীয় সমন্বিত কৃষি গৱেষণা প্ৰকল্পৰ (কাঠফুলা)ৰ মুখ্য ব্যৱস্থাপক অপূৰ্ব দাস আৰু আৰু যুৱ পেছাদাৰী যুগব্ৰত শৰ্মা তত্বাৱধানত অনুষ্ঠিত এই অভিযানত যোৰহাটৰ বাহানী চাহ বাগিচা, লহপহিয়া চাহ বাগিচা, হুনোৱাল চাহ বাগিচা আৰু মালোপাম অঞ্চলৰ চাহ বাগিচাত সফলতাৰে আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/a5eb8588-111d-450e-82f2-5e793713f61e/2bf0cbde_4d6e_4e08_a459_770c3ae7cca0.jpg)
এই সজাগতা কাৰ্যসূচীৰ জৰিয়তে প্ৰধানকৈ চাহ বাগিচাৰ কৰ্মী আৰু স্থানীয় বাসিন্দাসকলক বনৰীয়া কাঠফুলা সেৱনৰ লগত জড়িত বিপদৰ বিষয়ে জনোৱা হয়। ইয়াৰোপৰি বৈজ্ঞানিক খেতিক প্ৰসাৰিত কৰি কাঠফুলাৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশত প্ৰশিক্ষণ দিয়া হয়।
Also Read: দেশ জোকাৰি যোৱা মণিপুৰ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ