মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীত অৱস্থান কাৰ্যসূচী যুৱ-ছাত্ৰ পৰিষদৰ

চুবুৰীয়া ৰাজ্য মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

author-image
Asomiya Pratidin
New Update
মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবীত অৱস্থান কাৰ্যসূচী যুৱ-ছাত্ৰ পৰিষদৰ

ডিজিটেল সংবাদ , নগাঁ‌ওঃ চুবুৰীয়া ৰাজ্য মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। যুৱ-ছাত্ৰ পৰিষদ নগাঁ‌ও জিলাৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে কয় যে যুৱ-ছাত্ৰ পৰিষদ অসমৰ এটা অদ্বিতীয় যুৱ আৰু ছাত্ৰৰ সংগঠন।

Advertisment

''১৯৭৮ চনৰ জন্মলগ্নৰে পৰা পৰিষদে নিজৰ মূল দাবী সমূহৰ লগতে অসম আৰু অসমীয়া জাতিৰ প্ৰতি অহা প্ৰতিটো সমস্যা সমাধানৰ বাবে সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। লগতে অসমৰ আৰ্থ-সামাজিক, সাংস্কৃতিক, শৈক্ষিক দিশৰ ওপৰত কাম কৰি আহিছে। ইয়াৰ সামন্তৰালকৈ অসমৰ চুবুৰীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত বিভিন্ন সময়ত দেখা দিয়া সংকটৰ সময়তো যুৱ-ছাত্ৰ পৰিষদে শক্তিশালী ভূমিকা লৈ আহিছে'''।

যুৱ পৰিষদে কয় যে, ''অতি শেহতীয়াভাৱে মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষত ইতিমধ্যে শ শ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছ। মণিপুৰত চৰম ৰূপত মানব অধিকাৰ উলংঘন হৈ মণিপুৰ সম্প্ৰতি মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে | ৰাজনৈতিক মদতপুষ্ট সশস্ত্ৰ উগ্ৰপন্থীৰ সক্ৰিয়তাই পৰিস্থিতি অধিক জটিল কৰিছে | ইফালে মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰ খন ৰাজ্যৰ শান্তি শৃংখলা ৰক্ষাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ''|

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চুবুৰীয়া মণিপুৰত হৈ থকা নৰমেধ যজ্ঞ আৰু এন বীৰেন সিঙৰ চৰকাৰৰ ব্যৰ্থতাত চৰম উদ্বেগ প্ৰকাশ কৰে । লগতে মণিপুৰৰ স্থায়ী শান্তি শৃংখলা ঘূৰাই অনাৰ স্বাৰ্থত মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰ ভংগ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰি বৃহস্পতিবাৰে সমগ্ৰ অসমত প্ৰতিখন জিলা সমতিয়ে সংশ্লিষ্ট জিলা সমূহৰ উপায়ুক্ত আৰু মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰ অংশ হিচাপে নগাঁ‌ও জিলা সমিতিয়েও এই কাৰ্যসূচীৰ জৰিয়তে মণিপুৰৰ সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ কৰি মণিপুৰৰ স্থায়ী শান্তি শৃংখলা পুনৰ ঘূৰাই অনাৰ স্বাৰ্থত মণিপুৰৰ এন বীৰেন সিঙৰ চৰকাৰ ভংগ কৰি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰাৰ বাবে এই স্মাৰক পত্ৰযোগে দাবী জনাই। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপমণি বৰা,কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দিগন্ত দাস আৰু কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য গীতাৰ্থ শইকীয়া। লগতে জিলা সমিতিৰ উপদেষ্টাক্ৰমে প্ৰবীণ চন্দ্ৰ দাস,বিপুল শইকীয়াকে আদি কৰি জিলা আৰু আঞ্চলিক সমিতিৰ প্ৰায় শতাধিক নেতা কৰ্মী উপস্থিত থাকে।

Also Read: ৱাশ্বিংটন ডিচিত 'ইন্দ্ৰ দেৱতা'ই আশীৰ্বাদ দিলে মোডীকঃ সম্বোধন কৰিব সংবাদ মেল...

protest