/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8a87bece-f9d7-4e6e-9633-72bbd576d11f/fat_bihu_pressmeet.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : বৃহত্তৰ ঢকুৱাখনাবাসীৰ স্বকীয় জাতীয় লোক উৎসৱ ফাটবিহু কেন্দ্ৰীক ক্ষোভ বিক্ষোভে আজিও উত্তাল কৰি তুলিছে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ স্বাভাৱিক পৰিৱেশ। বুধবাৰে ফাটবিহু সমিতিয়ে সংবাদমেল পাতি উক্ত দিনাৰ অনাকাংক্ষিত ঘটনাৰ বাবে নিঃচৰ্ত ক্ষমা খোজাৰ পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে ঘিলামৰাৰ ২২টা প্ৰতিবাদী সংগঠনৰ যৌথ উদ্যোগত এখন সংবাদমেল অনুষ্ঠিত কৰে।
বৃহস্পতিবাৰে বিয়লি ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত হয় সংবাদমেলখন। সংবাদ মেলখনত উপস্থিত থাকে বৰদৈচিলা বিহু দল, ঘিলামৰা উন্নয়ন সমিতি আৰু অন্যান্য দল সংগঠনৰ নেতৃবৰ্গ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/193ee305-a7c2-4072-9ef1-ef8be3809bea/8e0ba23e_3ae2_488c_bbc0_85776aa3e37d.jpg)
সংবাদমেলত ফাটবিহুত সৃষ্টি হোৱা ঘটনাৰ বাবে বিহু দলটোকে দোষাৰোপ কৰা আৰু কিছু মনে সজা তথ্য ৰাজহুৱা কৰাৰ একেমুখে প্ৰতিবাদ কৰে। ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি গুণ হাজৰিকা, সম্পাদক যোগানন্দ গগৈ,কেন্দ্ৰীয় বিহু সমিতিৰ স্থায়ী সমিতিৰ সম্পাদক বুবুল গগৈ,দেৱজিৎ বৰগোঁহাই, হেমন্ত বৰুৱা,বৰদৈচিলা বিহু দলৰ দলপতি প্ৰসাদ চাংমাই ,সম্পাদক ভবেশ ডেকা,পোলেন ভঁৰালী,শৈলেন দত্ত,সুভাষ দিহিঙীয়া আদি অৰ্ধশতাধিক প্ৰতিনিধি উপস্থিত থকা সংবাদমেলত উন্নয়ন সমিতিৰ সভাপতি গুণ হাজৰিকাই বিহুদলক জগৰীয়া কৰি ক্ষমা বিচৰা আৰু বিহুদলটোৱে অশ্লীল শব্দ প্ৰয়োগ কৰা বুলি কৰা অভিযোগ প্ৰকাশ্যে নাকচ কৰি নিজক ধোৱা তুলসীৰ পাত সজাবলৈ বিষয়ববীয়া সকলে মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি মন্তব্য কৰে।
সংবাদমেলত উক্ত দিনা মঞ্চত লাঞ্ছিত প্ৰহৃত বৰদৈচিলা বিহু দলৰ সদস্য ভবেশ ডেকাই ফাটবিহু সমিতিয়ে মিছা,ভুৱা আৰু দায়সৰা অমূলক কথা কৈ অযথা দোষ জাপি দিয়া বুলি কৈ দলৰ কোনো সদস্যই মঞ্চত অশ্লীল আৰু কৰ্কশ কথা কোৱা নাছিল বুলি প্ৰত্যয়েৰে জনাই। ডেকাই ফাটবিহুৰ আগদিনাই দলটোৱে নাম ভৰ্তি কৰিছিল বুলি জনাই ফাটবিহু সমিতিয়ে দিয়া যোগদানৰ ৰচিদ আৰু "চেষ্ট নম্বৰ" পৰ্যন্ত দাখিল কৰে।
ফাটবিহু সমিতিয়ে বুধবাৰে ভুল,মিছা তথ্য সাঙুৰি যি ক্ৰুটিপূৰ্ণ গোহাৰি উলিয়াইছে তাক প্ৰত্যাখ্যান কৰি প্ৰতিযোগিতা সামৰণি মৰাৰ সময়,দলটোৰ অনুৰোধৰ কৰাৰ বাবেহে হুঁচৰি প্রদর্শন কৰিবলৈ দিয়া বুলি প্ৰকাশ কৰা কথা মিছা বুলি ব্যক্ত কৰে । ইয়াৰোপৰি ভিডিঅ'ত ভূলভাৱে প্ৰতিষ্ঠা কৰিব বিচাৰিছে বুলি কৈ সেই সময়ত দৰ্শকৰ মাজৰ পৰা আৰু মঞ্চৰ তলৰ পৰা কোনোবাই উক্ত ভিডিঅ' কৰি উক্ত অশ্লীল মাত মতাটোকে অযথা দলটোৰ ওপৰত জাপি দিয়া বুলি উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a9169033-1aa1-4ad8-98a2-84216509de05/a51d16f2_6b07_4462_84d1_2e57a863270b.jpg)
ডেকাই কয় হুঁচৰি আৰম্ভ কৰাৰ প্ৰায় ৭ মিনিটৰ পাছতেই সমিতিয়ে বাধা দিয়া আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত চাউণ্ড পৰ্যন্ত বন্ধ কৰিবলৈ আদেশ দিয়া সম্পাদকজন সুৰা পান কৰি মতলীয়া হৈ আছিল বুলি জানিবলৈ দিয়ে । লগতে তেওঁ দলটো এনে নিকৃষ্ট কাৰ্যৰ লগত জড়িত থকাৰ যদি উপযুক্ত প্ৰমাণ আছে যদি ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনাই অযথা ভুৱা ভিডিও দি বদনামী নকৰিবলৈ সকীয়াই দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/43910ed7-99e5-42c4-bb8c-3b30bd2b6fba/870ac05d_0345_4879_851c_b115bb790fe3.jpg)
ইয়াৰোপৰি দলপতি প্ৰসাদ চাংমাইৰ মূৰ ফাটি গুৰুতৰ ভাৱে আহত হোৱাৰ সত্বেও সামান্য এটা দুখ পাইছে বুলি কৈছে যদি কিয় বিহু মঞ্চ ৰক্তাক্ত হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে । ফাটবিহু সভাপতি বসন্ত শইকীয়াই চাংমাইৰ তেজ বন্ধ কৰিবলৈ নিজৰ গামোচা কিয় দিব লগা হ'ল বুলি প্ৰশ্ন কৰি সামাজিক মাধ্যমে ভুল সজাই ক্ষমা বিচৰা কাৰ্য মানি লোৱা নহ'ব বুলি ব্যক্ত কৰে ।
মনৰ ৰঙেৰে বিহু কৰিবলৈ যোৱা দলক তেজৰ ৰঙেৰে কিয় ৰাঙলী কৰিলে বুলি প্ৰশ্ন কৰি, বিভিন্ন সদস্যক গতিয়াই বাহিৰ কৰি, শাৰীৰিক আৰু মানসিক শাস্তি দি ডেকাই বিহু দলটোৰ গৃহস্থগৰাকীকো দুৰ্ব্যৱহাৰ কৰি চোলা পৰ্যন্ত ফালি দিয়া বুলি জনায়। আৰক্ষীৰ লেহেমীয়া পদক্ষেপৰ ককৰ্থনা কৰি অসমীয়া জাতিৰ সংস্কৃতি,সাজ-পাৰৰ ওপৰত আঙুলি উঠোৱা মানি লোৱা নহ'ব বুলি উল্লেখ কৰি অসমবাসী ৰাইজক দোষীক চিনাক্ত কৰাৰ দায়িত্ব লৈ উচিত বিচাৰ কৰাৰ আহ্বান জনায় ।
ডেকাই বিচাৰকসকলৰ স্থিতিও দুৰ্ভাগ্যজনক বুলি কৈ ঘটনাৰ প্ৰত্যক্ষদৰ্শী বিচাৰকসকলে কোনো মন্তব্য নিদিয়াত ক্ষোভ ব্যক্ত কৰে। সংবাদমেলত উন্নয়ন সমিতিৰ সম্পাদক যোগানন্দ গগৈয়ে উক্ত দিনৰ সমন্বয়ৰ থলীত হোৱা অভাৱনীয় ঘটনাই অসমীয়া বাপতি সাহোন সংস্কৃতিলৈ অশনি সংকেত নমাই আনিছে বুলি কয়।
অসমীয়া লোককৃষ্টি সংস্কৃতি ভালপোৱা,অসমীয়া জাতিক ভালপোৱা ৰাইজে এই নিৰ্লজ্জ ঘটনাৰ বিচাৰ কৰিবলৈ আহ্বান জনায়। ফাটবিহুৰ ঐতিহ্য গুৰুত্ব যাতে ম্লান নহয় তাৰ বাবে লাগি থকা বুলি উল্লেখ কৰি মাত্ৰ এটা 'প্ৰেছমিত' কৰি দায় সাৰিব খোজা কাৰ্য মানি লোৱা নহ'ব বুলি মন্তব্য কৰে।
এই সন্দৰ্ভত ফাটবিহু সমিতি যদি সুস্থিৰ মীমাংসালৈ নাহে ঢকুৱাখনাৰ যিকোনো সামাজিক অনুষ্ঠান ঘিলামৰাবাসীয়ে বৰ্জন কৰি যাব বুলি সকীয়াই দিয়ে। লোকশিল্পীৰ ওপৰত অত্যাচাৰ গ্ৰহনীয় নহয় বুলি উল্লেখ কৰি এইক্ষেত্ৰত বিহু সুৰক্ষা সমিতিৰ পদক্ষেপকলৈ অসন্তুষ্টি প্ৰকাশ কৰে।
গগৈয়ে জাতীয় সংস্কৃতিৰ ওপৰত অত্যাচাৰ হৈছে, অসমীয়া লোককৃষ্টি সংস্কৃতিক প্ৰহাৰ কৰা হৈছে আৰু জাতীয় সংস্কৃতিক বিহু মঞ্চৰ পৰা গতিয়াই উলিয়াই দিয়া হৈছে বুলি কৈ সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিব বুলি জনায় । ফাটবিহুৰ ঐতিহ্য পৰম্পৰা যাতে অনাগত সময়ত এনেবোৰ দাম্ভিক বিষয়ববীয়াই পদপিষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সচেষ্ট হোৱাৰ লগতে কঠোৰ আইনগত শাস্তি প্ৰদানৰ আহ্বান জনায়।
এই ক্ষেত্ৰত ফাটবিহুৰ মুখ্য উপদেষ্টা বিধায়ক নৱ দলেয়ে উদ্যোগ লোৱাৰ আহ্বান জনায় । উল্লেখ্য যে বিহু সুৰক্ষা সমিতি অসমৰ ঢকুৱাখনা জিলা সভাপতি নিৰঞ্জন গগৈয়ে লোক সংস্কৃতিৰ বৰ ঘৰত লোক সংস্কৃতিৰ বাহক স্বৰূপ বিহু দলক নিৰ্মম অত্যাচাৰ চলোৱাৰ পাছত বিহু সুৰক্ষা সমিতিয়ে গঠনমূলক আৰু পতিয়ন যোগ্য ব্যৱস্থা গ্ৰহণ নকৰাত জিলা সমিতিৰ পৰা পদত্যাগ কৰা বুলি ৰাজহুৱাভাৱে ঘোষণা কৰি পঞ্জীভূত ক্ষোভ প্ৰকাশ কৰিছে।
Also Read: বিয়াৰ মাজতে বিহ পান কৰি আত্মহত্যা দৰাৰ...