বটদ্ৰৱাত এ আই ইউ ডি এফৰ জিলা সমিতিৰ সংবাদমেল: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ

বটদ্ৰৱাত এ আই ইউ ডি এফৰ জিলা সমিতিৰ সংবাদমেল: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত এ আই ইউ ডি এফৰ জিলা সমিতিৰ সংবাদমেল: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ

ডিজিটেল সংবাদ,বটদ্ৰৱা: বটদ্ৰৱাত আজি নিশা এ আই ইউ ডি এফৰ নগাঁও জিলা সমিতিৰ সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে এ আই ইউ ডি এফৰ জিলা সভাপতি মতিউৰ ৰহমান। সংবাদমেলত তেওঁ কয়, "মুখ্যমন্ত্ৰীয়ে উজনিত গ'লে মিঞাক নিৰাপত্তা দিব নোৱাৰে বুলি কোৱাৰ পিছতো এতিয়া নিৰ্বাচনৰ সময়ত মিঞাৰ ভোট লগা হৈছে। যাৰ বাবে এ আই ইউ ডি এফক নিঃশেষ কৰাত লাগিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।"

Advertisment

লগতে তেওঁ বিজেপিৰ পক্ষত মাত মতা চামগুৰি সমষ্টিৰ এ আই ইউ ডি এফ কৰ্মীক বহিষ্কাৰ কৰা বুলি সংবাদমেলৰ জৰিয়তে জানিব দিয়ে। আগন্তুক ৬ বছৰলৈ তেওঁলোক ঘুৰি আহিব নোৱাৰাকে জিলা সভাপতি মতিউৰ ৰহমানে বহিষ্কাৰ কৰে চাৰিজনকৈ এ আই ইউ ডি এফ কৰ্মীক।

নিলম্বন হোৱা কেইজন হ'ল, এ আই ইউ ডি এফৰ নগাঁও জিলাৰ সহকাৰী সাধাৰণ সম্পাদক চাদ্দাম হুছেইন, চামগুৰি সমষ্টি সমিতিৰ প্ৰাক্তন সভাপতি ছফিকুল ইছলাম(খুকন) আৰু প্ৰাক্তন উপ সভাপতি ছদিকুৰ ৰহমান। ইফালে তিনিওজনেই আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

Also Read: দিগন্ত ঘাটোৱাৰ মুখ্যমন্ত্ৰীৰ নহয় চৰ্দাৰৰ ল'ৰা, সেয়ে তেওঁক হৰুৱাবলৈ কেম্প পাতি বহি লৈছেঃ মুখ্যমন্ত্ৰী

AIUDF pressmeet