/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/mktwvdd6/thththththththththththththththththththththththththththththththththth.png)
ডিজিটেল সংবাদ, বিহালীঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিয়লি প্ৰায় ২ বজাত বিহালী স্নাতক মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত অংশ গ্ৰহণ কৰে। বিহালী উপ নিৰ্বাচনৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱাল হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ওপৰিও বিয়লি প্ৰায় ৪ বজাত জিনজিয়াৰ মহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত বিজয় সমকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ৰতোৱাৰ পৰা জিনজিয়ালৈকে এক পদযাত্ৰা কাৰ্যসূচীত অংশ লয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/fem17zz0/c62b2989-9099-486f-990e-b8aa2cfc94b4.jpg)
বিহালী উপ নিৰ্বাচনৰ স'তে সংগতি ৰাখি আয়েজন কৰা বিজয় সংকল্প সমাৱেশ খনৰ আৰম্ভণিতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত চতিয়া বিধান সভা সমষ্টিৰ সুৰ বাহিনী সাংস্কৃতিক অনুষ্ঠানৰ শিল্পী সমাজে গীত-মাত,সংলাপ সংযোজন ঘটাই কংগ্ৰেছ শাসন কালৰ সময়ছোৱাত ৰাজ্যত সংঘটিত নৰমেধ যজ্ঞ, হত্যা ,হিংসা,অপহৰণ, দুৰ্নীতি, অন্যায়,অবিচাৰৰ দস্তাৱেজৰ ওপৰিও বিহালী সমাজ জীৱন কঁপাই যোৱা ৰক্তাক্ত বিহালী তেজে ধোৱাই যোৱা ইতিহাসৰ দাঙি ধৰে ৷ য'ত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ কন্ঠক কঁপি উঠিল বিজয় সংকল্প সমাৱেশস্থলী ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/yslc5486/3c96d6d3-76c2-4fc7-82e3-90bc0f7d115a.jpg)
বিজেপিৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজয় সংকল্প সমাৱেশত ভাষণ প্ৰসংগত কংগ্ৰেছ চৰকাৰৰ দিনৰ দুৰ্নীতি- অন্যায়,লুন্ঠন ঘটনাৰাজি দাঙি ধৰি কয় যে, ৰাজ্যৰ ৰাজনীতিত অহা পঞ্চাছ বছৰ বিজেপি চৰকাৰ অব্যাহত থাকিব। কংগ্ৰেছ চৰকাৰৰ দিনৰ বিশ্বনাথৰ সোনাজুলী,ভিমাজুলীত বিহালীৰ তিনিসুঁতি ,জিনজিয়া অঞ্চলত হত্যা হিংসা অপহৰণ ঘটনা ৰাকেশ পালকাণ্ড উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, কংগ্ৰেছ দলৰ ১৫ বছৰীয়া শাসন ক্ষমতা কালত বিশ্বনাথ জিলাৰ নিৰীহ মানুহৰ কেঁচা তেজৰ নৈ বৈছিল তাৰ বিপৰীতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত শান্তি বাতাৱৰণ সৃষ্টি হৈছে ৷ যাৰ বাবে বৰ্তমান আপোনালোকে তেজৰ নহয়, আবিৰৰ ৰঙৰে ৰঙ খেলিব পাৰিছে বুলি উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্ম্মাই সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি কয় যে ,মোৰ দেউতা মুখ্যমন্ত্ৰী নাছিল,ইয়াত থকা সকলো বিধায়ক মন্ত্ৰীৰ কোনো এজনৰো দেউতাক মুখ্যমন্ত্ৰী নাছিল। কিন্তু কংগ্ৰেছ দলত পৰিয়াল কেন্দ্ৰীক ৰাজনীতি চলে ৷ আমি বিজেপি দলে সাধাৰণ ঘৰৰ মানুহক লৈ আগুৱাই যাওঁ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই কয় যে
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/ewlkqdng/c2948378-bd9c-4063-937a-e07878462e97.jpg)
লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয়,যদি বিহালীত কংগ্ৰেছ দল বিধায়ক হয়, তেনেহলে দিছপুৰত মুখ্যমন্ত্ৰী কোন থাকিব নিশ্চয় মই থাকিম৷ তেনেক্ষেত্ৰত যদি কংগ্ৰেছ দলৰ প্ৰাৰ্থী জন বিধায়ক হিচাপে নিৰ্বাচিত হয়,দিচপুৰত মোৰ ওচৰলৈকে তেওঁ আহিব লাগিব।সেইবাবে বিহালী ৰাইজৰ বাবে কংগ্ৰেছ দলৰ বিধায়ক হ'লে লাভ হব নে বিজেপিৰ বিধায়ক হলে লাভ হব বুলি ভোটাৰ ৰাইজক প্ৰশ্ন কৰে ৷
ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা কথা বতৰাত সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ কয , মই অধিক বেছি দুখ পাইছোঁ যে, ৰাজ্যিক পৰ্যায়ৰ নেতা এগৰাকীয়ে ৰাজ্যৰ পাঁচ সমষ্টিত নিৰ্বাচন আছে, পাঁচ টা ঘূৰিব লাগে ,পাঁচটা সমষ্টিলৈ যাব লাগে কিন্তু এজন চাহ শ্ৰমিকক হৰুৱাবৰ কাৰণে কেম্প পাতি বহি লৈছে ৷ দিগন্ত ঘাটোৱাৰে কি অন্যায় কৰিছে? দিগন্ত ঘাটোৱাৰ পিতৃ বাগানৰ চৰ্দাৰ আছিল সেইটো দোষ নেকি? দিগন্ত ঘাটোৱাৰৰ পিতৃ মুখ্যমন্ত্ৰী নাছিল,দিগন্ত ঘাটোৱাৰৰ পিতৃ মন্ত্ৰী নাছিল,তেওঁ এজন চৰ্দাৰৰ ল'ৰা আছিল বাবে হৰুৱাবলৈ কেম্প পাতি বহি আছে ৷ মই যোৰহাটবাসী চাহ বাগিছাৰ চাহ শ্ৰমিক সমাজৰ লোকক কৈছোঁ আজি আপোনালোকৰ সাংসদে এমাহ ধৰি বিহালীত কেম্প পাতি বহি আছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/903dgd8u/d4110d6b-5051-4ac9-8fc3-244e8e27eac7.jpg)
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় ,বিহালীৰ ৰাইজে বালিচাং কাণ্ড ,জিনজিয়াৰ অপহৰণকাণ্ড, তিনিসুঁতিকাণ্ড ,ভীমাজুলীকাণ্ডৰ দুখ লগা ঘটনা পাহৰি গ'ল নেকি? তেওঁলোকে এবাৰতো আহি ক্ষমা বিচাৰক ৷ বিজেপিয়ে আন কৰিব নোৱাৰিলেও অন্ততঃ বড়ো সমস্যা সমাধান কৰিলে৷ যাৰবাবে বিহালীৰ গোৰ্খা ,আদিবাসী ,বঙালী ,অসমীয়া সমাজৰ লোকে শান্তিত বসবাস কৰিছে৷ অসমীয়া সমাজে তেজৰঙা ইতিহাস পাহৰি যাব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৷
উল্লেখ্য যে, আজিৰ বিজয় সংকল্প সমাৱেশত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১০০ কোটি টকীয়া পেকেজৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ উপৰিও ৰাইজক বহু প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁ কয় যে, ২০২৫ ৰ ডিচেম্বৰৰ ভিতৰত বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত গ্ৰামাঞ্চলৰ বাট-পথ পকীকৰণৰ বাবে ১০০ কোটি টকীয়া পেকেজ ঘোষণা কৰে। লগতে গুৱাহাটীত অসম কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতি তথা স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ এক প্ৰতিমূৰ্তি স্থাপন, বিহালীত নতুনকৈ ১৫ হাজৰ লোকক অৰুণোদয় আঁচনি প্ৰদান, তিনিসুঁতি অঞ্চলত হস্পিতাল নিৰ্মাণ ,বটীয়ামাৰীত হাইস্কুল নিৰ্মাণ ,বৰগাঙ ৰেল ষ্টেচনত ৰেল ৰখোৱা ব্যৱস্থা,বাঘমাৰী চাহ বাগিচাত উড়িয়া সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ, মোনাবাৰীত ফুটবল খেলুৱৈ প্ৰশিক্ষণ কেন্দ্ৰ,বিহালীৰ ক্ষুদ্ৰ খেতিয়কৰ বাবে সাৰ আৰু ৰাসায়নিক সাৰত বিশেষ ৰেহাই ব্যৱস্থা, কাৰ্বি কল্যাণ পৰিষদত বিহালীৰ পৰা দুজন লোকক সদস্যতা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-07/cpup3y88/5456f99c-39ea-4b99-82ed-5be8ce6c413a.jpg)
ইয়াৰোপৰি বনাঞ্চল এলেকাত বসবাস কৰা বিহালীৰ বিভিন্ন লোকসকলক ভূমি পট্টা প্ৰদানৰ ব্যবস্থা, বৰগাঙৰ চেন্টাৰৰ মাজত ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত ডিভাইডাৰ, চাহ বাগিচাত বসবাস কৰা লোকক বাসগৃহ ৰেজিষ্টাৰ কৰি দিয়াৰ প্ৰদান, বৰগাঙ নদী আৰু বুৰৈ নদীৰ ওপৰত দুখনকৈ নতুন দলং নিৰ্মাণ,বিহালীত চাহ জনগোষ্ঠীয় শিক্ষাৰ্থীৰ বাবে ছাত্ৰাৱীস নিৰ্মাণ, বূৰৈ বৰগাং নদীৰ গৰাখহনীয়া ৰোধ,অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতি ছবিলাল উপাধ্যায়ৰ আৱাসগৃহ ঐতিহ্য ভৱন হিচাপে নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷
তদুপৰি বিহালীত যি সকল লোকে ৰেচন কাৰ্ড লাভ কৰা নাই,সকল লোকে ৰেচন কাৰ্ড প্ৰদান, প্ৰতিটো পৰিয়ালকে অৰুণোদয় আঁচনি, চৰকাৰী চাকৰি লাভ নকৰা যুৱক সকলক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ দ্বাৰা অহা ছমাহৰ ভিতৰত ১৫০০ যুৱকক এই আঁচনি প্ৰদানৰ আশ্বাস,বাগিচাৰ শ্ৰমিক সকলক ঘৰ দিয়াৰ ব্যৱস্থা ,বিহালীৰ বনৰীয়া হাতী আৰু বনৰীয়া গাহৰীৰ সন্ত্ৰাস ৰোধৰ বাবে চিষ্টেম ফেনচিং ব্যৱস্থাকে আদি কৰি বহু সা-সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তদুপৰি অহাটো বৰ্ষত ৰাজ্যৰ সকলো আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰ টকাৰ অৰুণোদয় আঁচনি প্ৰদানৰ আশ্বাস প্ৰদান কৰি কয় যে ফেব্ৰুৱাৰী ১ তাৰিখ মোৰ জন্মদিন ৷ ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীত মই মোৰ জন্মদিনটো বিহালীত উদযাপন কৰিব৷
Also Read: গহপুৰত ৮ বছৰীয়া পুত্ৰক গাৰুৰে হেঁচি হত্যাঃ পলাতক ঘাটক পিতৃ