/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f92d5936-263d-46a8-942a-2655690837f5/12.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা ইত্যাদি বিভাগৰ মন্ত্ৰী অতুল বৰাই বৃহস্পতিবাৰে নগাঁও জিলাত উপস্থিত হৈ জিলাখনৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত এখন পৰ্যায়লোচনা সভাত অংশগ্ৰহণ কৰে। উক্ত সভাত অতিৰিক্ত আয়ুক্ত তথা মুখ্য কাৰ্য্যবাহী বিষয়া জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ ফিলিছ ভি.এল.এইছ. হ্ৰংচালে জিলাখনৰ বান পৰিস্থিতিৰ সম্পৰ্কে এক বিতং তথ্য দৃশ্য শ্ৰৱ্য মাধ্যমেৰে উপস্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/91a17db4-8770-488f-acd0-6787456581df/GRpdJgTXIAA2TuV.jpg)
পৰ্যায়লোচনা কালত মন্ত্ৰী ডাঙৰীয়াই জিলা আয়ুক্তক জিলাখনৰ বৰ্তমানৰ বানপানীয়ে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰা জনসাধাৰণৰ ক্ষয়-ক্ষতি সমূহৰ সহায়-সাহায্যসমূহ অহা ১৫ আগষ্টৰ পূৰ্বে লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে। উক্ত সভাতেই মন্ত্ৰীগৰাকীয়ে জিলাখনত বানপীড়িত লোকসকলে সঠিকভাৱে বান সাহায্য লাভ কৰিছেনে নাই এই সন্দৰ্ভত বিতংভাৱে বুজ লয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/6e69a112-727d-4e8b-8e33-29351d232a45/GRpdJgRWYAAg8uP.jpg)
তেওঁ বানপীড়িত লোকসকলক সময়মতে সাহায্য প্ৰদানত কোনোধৰণৰ হেমাহি নকৰিবলৈও নিৰ্দেশ দিয়ে। লগতে সংশ্লিষ্ট প্ৰতিটো বিভাগক এই সময়ছোৱাত সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে যাতে বানত ক্ষতিগ্ৰস্ত লোকসকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। তেওঁ কৃষিভূমিত হোৱা ক্ষয়-ক্ষতি, পশুখাদ্য যোগান আৰু পশু চিকিৎসা আদিৰো পৰ্যালোচনা কৰে। পিছত ব্ৰহ্মপুত্ৰ বাঢ়নী পানীৰ কবলত পৰা জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং ভূৰবন্ধা আৰু লাওখোৱা জাতীয় বিদ্যালয় সাহায্য শিবিৰত উপস্থিত হৈ আশ্ৰয় লৈ থকা বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a03e3ce3-b0a1-4ebe-a00c-58611df76162/GRpdJjJXIAEb8c0.jpg)
তেওঁ বানপীড়িত লোকসকলৰ সাহায্য, খোৱাপানী, অনাময়, চিকিৎসা আদিৰ সঠিক ব্যৱস্থা, পশুধনৰ ঔষধ, টীকাকৰণ, চিকিৎসা আদিৰ সবিশেষ বুজ লয়। তেওঁ বানপীড়িত লোকসকলক চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে।ইয়াৰ পিছতে তেখেতে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা সাহায্য শিবিৰটো পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ সৈতে মত বিনিময় কৰে।
এই পৰ্যালোচনা সভাত নগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাঁহী বিষয়া অনন্ত কুমাৰ গগৈ লগতে জিলাৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
Also Read: হোজাইত চিকিৎসাধীন অৱস্থাত মৃত্যু অচিনাক্ত ব্যক্তিৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us