/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/dc71ebea-c39c-43c3-8a52-712b998f38b9/11.jpg)
ডিজিটেল সংবাদ, কাকীঃ হোজাই জিলাৰ জোৰাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত থকা আনুমানিক ৫০বৰ্ষীয় এজন অচিনাক্ত ব্যক্তিৰ মৃত্যু হয়। যোৱা ২৪ জুনত ব্যক্তিজনক লংকা চহৰত অসুস্থ অৱস্থাত উদ্ধাৰ কৰি আৰক্ষীয়ে জোৰাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/045c6d23-a541-452c-b5b3-88e2824bd96c/bc41637e-d89e-4bed-b33a-0ea94cacce7d.jpg)
কিন্তু দুভাৰ্গ্যবশ:ত কেইবাটাও ৰোগত আক্ৰান্ত ব্যক্তিজনে আজি চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয়। জিলাখনৰ শংকৰদেৱ নগৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিব দিয়া মতে, বৰ্তমান অচিনাক্ত ব্যক্তিজনৰ মৃতদেহটো নগাঁওৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৭২ ঘন্টাৰ বাবে চিনাক্তকৰণৰ হেতু ৰখা হৈছে।
উল্লেখ্য যে, আনুমানিক ৫০ বৰ্ষীয় শ্যাম বৰণীয়া, চুটি বগা চুলিৰ ক্ষীৰ্ণকায় ৫ ফুট ৫ ইঞ্চি দৈৰ্ঘ্যৰ পিন্ধনত ডাঠ নীলা ৰংৰ টি-চাৰ্ট পৰিহিত ব্যক্তিজনৰ পৰিয়ালবৰ্গ, নিকত্মামীয় তথা সদাশয় ব্যক্তিক চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে আহ্বান জনাইছে।
Also Read: নগাঁৱত শাস্ত্ৰীয় সংগীতৰ কৰ্মশালা...