দিন উকলিব যোগানকাৰী, ঠিকাদাৰৰঃ ৰাজ্যৰ কৃষকৰ বাবে বীজ উৎপাদন কৰিব কৃষি বিভাগে

দীৰ্ঘ দিনে ৰাজ্যৰ কৃষি বিভাগত সংঘটিত বীজ কেলেংকাৰী ওৰ পেলাবলৈ বিচাৰিছে এজন বিষয়াই ৷ যোগানকাৰী আৰু ঠিকাদাৰৰ জৰিয়তে ৰাজ্যত প্ৰতি বৰ্ষত সংঘটিত হয় কোটি কোটি টকাৰ বীজ কেলেংকাৰী ৷ মুষ্টিমেয় ঠিকাদাৰ আৰু যোগানকাৰীৰে মিলি একাংশ ৰাজনৈতিক ব্যক্তি আৰু বিষয়াই কৃষকক বীজ যোগান ধৰাৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰি আহিছিল

author-image
Asomiya Pratidin
New Update
দিন উকলিব যোগানকাৰী, ঠিকাদাৰৰঃ ৰাজ্যৰ কৃষকৰ বাবে বীজ উৎপাদন কৰিব কৃষি বিভাগে

কৃষি বিভাগ

ডিজিটেল সংবাদ, নগাঁওঃ দীৰ্ঘ দিনে ৰাজ্যৰ কৃষি বিভাগত সংঘটিত বীজ কেলেংকাৰী ওৰ পেলাবলৈ বিচাৰিছে এজন বিষয়াই ৷ যোগানকাৰী আৰু ঠিকাদাৰৰ জৰিয়তে ৰাজ্যত প্ৰতি বৰ্ষত সংঘটিত হয় কোটি কোটি টকাৰ বীজ কেলেংকাৰী ৷

মুষ্টিমেয় ঠিকাদাৰ আৰু যোগানকাৰীৰে মিলি একাংশ ৰাজনৈতিক ব্যক্তি আৰু বিষয়াই কৃষকক বীজ যোগান ধৰাৰ নামত কোটি কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰি আহিছিল ৷ বীজ কেলেংকাৰী ওৰ পেলোৱাৰ লগতে প্ৰকৃতাৰ্থত কৃষকে সময় অনুসৰি বীজ লাভ কৰি কৃষি উৎপাদন কৰিব পাৰে তাৰ বাবে আঁচনি হাতত লোৱাৰ কথা ঘোষণা কৰিছে কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° আশিস কুমাৰ ভুটানীয়ে ৷

নগাঁৱত কৃষি বিভাগৰ শীৰ্ষ আমোলাজনে কয় যে যোগানকাৰী বা ঠিকাদাৰৰ পৰা আগন্তক দিনত বীজ লোৱা নহব ৷ কৃষি বিভাগে নিজে বীজ উৎপাদন কৰি সময়ত কৃষকক বীজ যোগান ধৰিব ৷

নগাঁৱত কৃষি বিভাগ লোক
নগাঁৱত কৃষি বিভাগ লোক

ৰাজ্যত কৃষি বিভাগৰ পঞ্চাছ খন বীজ উৎপাদন কৰিব পৰা পাম আছে ৷ মৃতপ্ৰায় এই পাম সমূহক পুনৰ জীৱন দি বীজ উৎপাদনৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷ আগন্তক ছয়মাহৰত আটাইকেইখন পাম সাজু কৰি বীজ উৎপাদন কৰিব কৃষি বিভাগটোয়ে ৷

শুকুৰবাৰে নগাঁও চহৰৰ শেনচোৱাত থকা বীজপাম খনি পৰিদৰ্শন কৰি অতিৰিক্ত মুখ্য সচিব ড° আশীস কুমাৰ ভুটানীয়ে চৰকাৰে হাতত লোৱা বীজ উৎপাদনৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে ৷ এইক ক্ষেত্ৰত কৃষি বিভাগ কিমান কৃতকাৰ্য হব সেই কথা সময়তহে কব পৰা যাব ৷

Also Read: কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন...

বীজ কৃষি বিভাগ