কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সফলতা...

কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সফলতা...

author-image
Asomiya Pratidin
New Update
কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সফলতা...

ডিজিটেল সংবাদ, কামপুৰঃ বৃহস্পতিবাৰে ৰাজ্যত ঘোষিত হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল। কলা, বিজ্ঞান, কাৰিকৰী, বাণিজ্য শাখাৰ ফলাফলত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ে।

Advertisment

প্ৰত্যেক বছৰৰ দৰে এইবাৰো চৰকাৰী খণ্ডৰ বিদ্যালয়খনে উত্তীৰ্ণৰ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ক'লা শাখাত ৯৯.১৫%ৰে ৪১জনে প্ৰথম বিভাগত, ৬৬ জনে দ্বিতীয় বিভাগত আৰু ১০জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত এশ শতাংশ উত্তীৰ্ণৰে ১৩জন প্ৰথম বিভাগত, ১২জন দ্বিতীয় বিভাগত আৰু এজনে তৃতীয় বিভাগত উৰ্তীণ হয় আৰু বাণিজ্য শাখাত ৮৬% উত্তীৰ্ণৰে ৪জনে প্ৰথম বিভাগত আৰু ২জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

আনফালে কাৰিকৰী শাখাত ১০০শতাংশ উত্তীৰ্ণৰে ৫জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় । কামপুৰ অঞ্চলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উচ্চস্তৰীয় ফলাফলৰ সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়খনৰ এই সাফল্যৰ বাবে সকলোৱে প্ৰশংসা কৰিছে।

Also Read: কলা-বিজ্ঞান দুয়োটা শাখাতে ১০০%ৰে উজলিল বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়

AHSEC hs results kampur